কাৰাগাৰত ‘ জোঁৱাই আদৰ’ সিদ্ধুক ! খাদ্য তালিকাত গাখীৰ,ফলমূল,চালাডৰ ভৰপূৰ আয়োজন

Sidhu

কিছুদিনৰ আগতে কাৰাগাৰৰ জীৱন আৰম্ভ হৈছে কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধুৰ ।তথ্য অনুসৰি কাৰাগাৰৰ প্ৰথম দিনাই কাৰাগাৰত খাদ্য খাবলৈ অস্বীকাৰ কৰিছিল তেওঁ ।

কিন্তু এইবাৰ জানিবলৈ পোৱা মতে, কাৰাগাৰত ‘বিশেষ ডায়েট’ৰ গ্ৰহণ কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ তথা সাংসদজনে।

পাচলিৰ পৰা বাদামলৈকে, বিভিন্ন প্ৰকাৰৰ ফল, চালাড, গাখীৰ, লাচীলৈকে, তেওঁৰ দৈনিক মেনু শুনিলে সঁচাকৈয়ে চকু কপালত উঠিব । এই কথা জনাইছে সৰ্বভাৰতীয় এটা সংবাদ মাধ্যমে ।

কিছুদিনৰ আগতে, সিদ্ধুক এবছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হৈছিল। এইবাৰ আলোচনাত পঞ্জাৱৰ প্ৰাক্তন প্ৰদেশ কংগ্ৰেছ সভাপতিৰ কাৰাগাৰ জীৱন । বিশেষকৈ তেওঁৰ খাদ্যৰ মেনুৰ ওপৰত । সিদ্ধুৰ ঘনিষ্ঠ সূত্ৰই জনাইছে যে সিদ্ধুৰ শাৰীৰিক অৱস্থা পৰীক্ষা কৰাৰ পাছত তেওঁক এই ডায়েট চাৰ্ট দিয়া হৈছে।

কি আছে সিদ্ধুৰ মেনুত ? তেওঁৰ দিনটো আৰম্ভ হয় ৰোজমেৰী চাহ , নাৰিকল পানীৰে । ইয়াৰ উপৰিও, ৰাতিপুৱাৰ আহাৰত লেক্টোজ-মুক্ত গাখীৰ, পাঁচৰ পৰা ছয়টা কাঠবাদাম, আখৰোট আৰু আন বহুতো প্ৰকাৰৰ খাদ্য থাকে।

তাৰ পাছত আবেলি ফল যেনে ষ্ট্ৰবেৰী, মধুৰিআম, আপেল, এগিলাচ ঘিয়া (লাও দি প্ৰস্তুত কৰা পানীয়) বা তিয়ঁহ বা মৌচুমীৰ ৰস, সতেজ হালধি বা এলো ভেৰা ৰস । লগতে ক’লা চানাৰ স’তে, তিয়ঁহৰ আৰু সেউজীয়া মাহজাতীয় দালি।

দুপৰীয়াৰ আহাৰৰ বাবে, ৰুটি, খেজুৰ, এক বাটি চবজি, সেউজীয়া চালাড (তিয়ঁহ, বিলাহী, নেমু) আৰু এগিলাচ লাচি। সন্ধিয়াৰ আহাৰত, চেনী অবিহনে কম চৰ্বিযুক্ত গাখীৰেৰে তৈয়াৰ কৰা একাপ চাহ আৰু পনীৰ টুকুৰা বা নেমুৰ স’তে টফু।

ৰাতিৰ আহাৰৰ বাবে মিশ্ৰিত পাচলি আৰু দাইল চুপ/ক’লা চানা চুপ, লগতে পাচলি। আহাৰৰ শেষত শুবলৈ যোৱাৰ আগতে একাপ চেমোমাইল চাহ । ইয়াৰ উপৰিও নিৰ্দেশ দিয়া হৈছে যে কোনো ধৰণৰ অধিক মছলাযুক্ত খাদ্য দিব নালাগে।

Exit mobile version