মুছলপুৰত তামোল ঢকুঁৱাৰ পৰা তৈয়াৰ কাঁহি বাতি, সম্পূৰ্ণ প্ৰদূষণ মুক্ত

20220506 085502

বাৰীৰ পেলনীয়া তামোল গছৰ ঢকুঁৱাও হ’ব পাৰে এবিধ অমূল্য সম্পদ ৷ আজি যি সামগ্ৰী য’তে ত’তে পৰি আছে সেয়াও হ’ব পাৰে আকৰ্ষনীয় সামগ্ৰী ৷ হয় আপুনি মই নভবা তামোল গছৰ ঢকুঁৱাৰ পৰা ব্যৱহাৰ যোগ্য বিভিন্ন প্ৰকাৰৰ কাঁহি বাতি তৈয়াৰ কৰি জীৱন জীৱিকাৰ বাট মোকলাইছে মুছলপুৰৰ এজন লোকে ৷

মুছলপুৰৰ সমীপৱৰ্তী নৱস্তিৰ এই লোকজনৰ নাম ধনেশ্বৰ বৈশ্য ৷ বিগত ২০১২ চনৰ পৰাই ধনেশ্বৰ বৈশ্যই নিজ ঘৰতে এই উদ্যোগটো আৰম্ভ কৰিছে ৷ বাকসা জিলা উদ্যোগ আৰু বানিজ্য বিভাগৰ পৰা এটা ঋণ লৈ আৰম্ভ কৰিছে এই ক্ষুদ্ৰ উদ্যোগটো ৷

অৱশ্যে উদ্যোগৰ গৃহটো সিমান ভাল নহয় ৷ সাধাৰণ টিনপাতৰ চালি ৷ মজিয়াও কেচাঁ ৷ তথাপি আগবাঢ়িছে তেওঁ ৷ মনত দুৰ্বাৰ হেপাহ যিমান যি ধুমুহা , অসুবিধা নাহক যি কোনো উপায়েৰে উদ্যোগটো আগবঢ়াই নিব ৷

এই উদ্যোগটোত অত্যাধুনিক মেচিনত ঢকুৱাৰ পৰা কাঁহি বাটি প্ৰস্তুত কৰি অসমৰ লগতে আন্তৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰি আহিছে ৷

ইতিমধ্যে তেওঁৰ ক্ষুদ্ৰ উদ্যোগটোত উৎপাদিত সামগ্ৰী চীন,আমেৰিকা , থাইলেণ্ড আৰু অষ্ট্ৰেলিয়া আদি ঠাইলৈ ৰপ্তানি হৈছে ৷ উদ্যোগী ধনেশ্বৰ বৈশ্যই জানিব দিয়া মতে তেওঁৰ এই কাৰ্যক প্ৰত্যক্ষভাবে উৎসাহ যোগাইছে বৰপেটাৰ “ধৃতি ‘ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই ৷

তেওঁৰ উদ্যোগটোত তৈয়াৰ কৰা সকলো কাহি বাতি “ধৃতি ‘ৰ কৰ্মকৰ্তাসকলে লৈ যায় আৰু বিভিন্ন ঠাইলৈ পঠাই দিয়ে ৷ এই কাঁহি বাতি তৈয়াৰ কৰা চাবলৈ বিদেশৰ পৰা কেবাজনো লোক তেওঁৰ ঘৰলৈ আহিছে আৰু তামোল ঢকুঁৱাৰ পৰা নিৰ্মান কৰা কাঁহি বাতিবোৰ চাই অভিভুত হৈছে ৷

তেওঁৰ কাঁহি বাতি নিৰ্মান কাৰ্যত সহায় কৰে তেওঁৰ ঘৈনীয়েকে ৷ ধনেশ্বৰ বৈশ্যই গাঁৱৰ বিভিন্ন পৰিয়াললৈ গৈ তামোল ঢঁকুুৱাবোৰ সংগ্ৰহ কৰে ৷ সংগ্ৰহ কৰা ঢঁকুৱাবোৰ ঘৈনীয়েকে ভালদৰে ধুই শুকাব দিয়ে ৷ পিছত সেইবোৰ মেছিনত সুমাই দি নিৰ্দ্দিষ্ট জোঁখৰ কাঁহি বাতি তৈয়াৰ কৰে ৷ এনেদৰে পৰিয়ালটো চলি আছে ৷ উদ্যোগী ধনেশ্বৰ বৈশ্যই কয় , ” মোৰ এই উদ্যোগটোৰ উৎপাদিত সামগ্ৰীবোৰ সম্পূৰ্ন প্ৰদূষণ মুক্ত ৷ বজাৰত কম দামতে পোৱা প্লাষ্টিকৰ কাঁহি বাতিবোৰৰ পৰা প্ৰদূষণ বাঢ়ে ৷ বহু দিনলৈ এইবোৰ গেলি পচি নাযায় ৷ পিছে মোৰ তামোল ঢঁকুৱাৰ পৰা উৎপাদিত কাঁহি বাতিবোৰ ব্যৱহাৰ হোৱাৰ পাছত সহজে মাটিৰ লগত মিহলি হৈ যায় ৷ ৰাইজে দুটকা কমতে পাই প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰাই ভাল ”

নৱস্তিৰ ধনেশ্বৰ বৈশ্যৰ এই ক্ষুদ্ৰ উদ্যোগটো এতিয়া হৈ পৰিছে নিবনুৱাসকলৰ আশাৰ প্ৰতীক ৷ নিবনুৱাবোৰে অনাই বনাই ঘুৰি নুফুৰি এনে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হব পাৰে ৷

Exit mobile version