যৌনকর্মীসকলক কোনো ধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰিব

দেহ ব্যৱসায়ক ‘বৃত্তি’ স্বীকৃতি দিলে উচ্চতম ন্যায়ালয়ে

Sex Worker Suprime court

দীর্ঘ যুঁজৰ পাছত আইনী স্বীকৃতি পালে যৌনকর্মীসকলে । দেহ ব্যৱসায়ক ‘বৃত্তি’ হিচাপে স্বীকৃতি দিলে উচ্চতম ন্যায়ালয়ে (Supreme Court) । শীর্ষ আদালতে জনালে, যৌন সেৱা দিয়াটো আইনস্বীকৃত জীৱিকা । যিসকল এই জীৱিকাৰ স’তে জড়িত তেওঁলোকৰো সন্মানজনক জীৱন যাপনৰ অধিকাৰ আছে ।

এইবাৰৰ পৰা যিসকলে যৌন সেৱা দিয়ে বা যৌন কর্মী (Sex Worker) হিচাপে কাম কৰে তেওঁলোকক কোনো ধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰিব । বা তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক গোচৰো দাখিল কৰিব নোৱাৰিব আৰক্ষীয়ে । শীর্ষ আদালতৰ বক্তব্য, ভাৰতৰ প্রত্যেক নাগৰিকৰ সন্মানজনক জীৱনৰ অধিকাৰ আছে । যৌনকর্মীসকলৰো আইনৰ সুৰক্ষা লাভৰ অধিকাৰ আছে । যদি কোনো প্রাপ্তবয়স্ক যৌনকর্মীয়ে স্ব‌ইচ্ছায় কাৰোবাক সেৱা দিয়ে, তেনেহ’লে তেওঁৰ বিৰুদ্ধে কোনো অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব ।

ন্যায়াধীশ এল নাগেশ্বৰ ৰাও (L Nageshwar Rao), ন্যায়াধীশ বিআৰ গভই (BR Govoi) আৰু ন্যায়াধীশ এএছ বোপান্নাৰ (AS Bopanna) ডিভিছন বেঞ্চে যৌনকর্মীসকলৰ বাবে কে’বাটাও নির্দেশনা জাৰি কৰিছে । ডিভিছন বেঞ্চে জনাইছে, কোনো যৌনকর্মীয়ে কর্মক্ষেত্রত হাৰাশাস্তিৰ বলি হ’লে, তেওঁক সকলো ধৰণৰ আইনী সহায় দিব লাগিব । কোনো আৰক্ষী অভিযানৰ সময়ত যৌনকর্মীসকলৰ পৰিচয়ৰ গোপনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ।

যৌনকর্মীসকলৰ অধিকাৰবোৰৰ সম্পর্কে তেওঁলোকক সচেতন কৰিব লাগিব । কেৱল দেহ ব্যৱসায়কে জীৱিকা হিচাপে বাছি লোৱাৰ বাবে কোনো মহিলাক তেওঁৰ সন্তানৰ পৰা পৃথক কৰিব নোৱাৰিব । কোনো শিশু পতিতালয়ত থাকিলেই তাক অবৈধভাৱে সৰবৰাহ কৰি অনা হৈছে বুলি ধৰা নহ’ব ।

শীর্ষ আদালতৰ এই নতুন নির্দেশনাত দেশৰ প্রায় ন লাখ যৌনকর্মী উপকৃত হ’ব । বস্তুত দেশত দেহ ব্যৱসায় অবৈধ নহ’লেও পতিতালয় চালনা কৰা বা পতিতাবৃত্তিত প্রৰোচনা দিয়া অপৰাধ হিচাপে গণ্য হয় । এই আইনৰ ফলতেই বহু যৌনকর্মীক সেৱা দিবলৈ গৈ হিংসাৰ বলি হ’বলগীয়া হয় ।

ইয়াৰ উপৰি এই বৃত্তিৰ স’তে জড়িতসকলৰ প্ৰতি সমাজৰ বক্রদৃষ্টি । শীর্ষ আদালতৰ নতুন গাইডলাইনত তেওঁলোকে কিছু পৰিমাণে হ’লেও স্বস্তি পাব বুলি ধাৰণা কৰা হৈছে ।

Exit mobile version