হাৰম’নিয়ম ইংৰাজৰ সামগ্ৰী, স্বৰ্ণ মন্দিৰত ইয়াৰ ব্যৱহাৰ নিষিদ্ধ দাবী

Harmandir Sahib Amritsar India Punjab

পঞ্জাৱৰ বিখ্যাত স্বর্ণ মন্দিৰত পৰিবেশিত কীৰ্তনৰ স’তে হাৰম’নিয়ম ব্যৱহাৰৰ ক্ষেত্ৰত আপত্তি উত্থাপন কৰিলে হৰমন্দিৰ ছাহিবৰ অকাল টখতে। তিনি বছৰৰ ভিতৰতে স্বর্ণ মন্দিৰৰ পৰা হাৰম’নিয়ম সম্পূৰ্ণৰূপে আঁতৰাবলৈকো হুংকাৰ দিলে টখতে।

হৰমন্দিৰ ছাহিবৰ অকাল টখতৰ দাবী অনুসৰি হাৰম’নিয়ম হৈছে ইংৰাজসকলৰ বাদ্য সামগ্ৰী আৰু সেয়েহে এনে ব্ৰিটিছ বাদ্য স্বর্ণ মন্দিৰত ব্যৱহাৰ কৰা অনুচিত। ব্ৰিটিছৰ হাত ধৰি ভাৰতলৈ আহিলেও ধ্রুপদ সংগীত জগতত গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে হাৰম’নিয়মে।

ভাৰতীয় শাস্ত্রীয় সংগীত শিক্ষাৰ ক্ষেত্ৰতো অতি প্ৰয়োজনীয় উপকৰণ হিচাপে হাৰম’নিয়ম ব্যৱহাৰ কৰা হয়। এনে এক শতাব্দী প্রাচীন বাদ্যযন্ত্ৰৰ ব্যৱহাৰত আপত্তি জনালে হৰমন্দিৰ ছাহিব তথা স্বর্ণ মন্দিৰৰ অকাল টখতে। স্মর্তব্য যে ১৯০১-০২ বৰ্ষৰ পৰা স্বর্ণ মন্দিৰত হাৰম’নিয়মৰ স’তে কীৰ্তন পৰিবেশন কৰি অহা হৈছে।

Exit mobile version