কেঞ্চাৰৰ নিৰাময়ত ভাইৰাছ -চিকিৎসা ! নতুন থেৰাপিত পথ দেখুৱাইছে গৱেষকসকলে

cancer

কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ। শৰীৰৰ কৰ্কট ৰোগৰ কোষবোৰক মৰাৰ লক্ষ্যৰে নতুন প্ৰচেষ্টা চিকিৎসকসকলৰ । মানৱ শৰীৰত প্ৰৱৰ্তন কৰা হয় এটা নতুন ভাইৰাছ।

তথ্য অনুসৰি এই ভাইৰাছটোৱে প্ৰাণীসকলৰ ওপৰত ইতিবাচক ফলাফল দেখুৱাইছে । গৱেষণা অনুসৰি, এই চিকিৎসাক কোৱা হৈছে ‘এংকোলাইটিক ভাইৰাছ থেৰাপী’ । এয়া হৈছে এক প্ৰকাৰৰ ইমিউনোথেৰাপী।

কেঞ্চাৰৰ কোষবোৰ সংক্ৰমিত আৰু ধ্বংস কৰিবলৈ এই ভাইৰাছ ব্যৱহাৰ কৰা হয়। বিশেষজ্ঞসকলৰ জনাইছে , ভাইৰাছে কোষবোৰ সংক্ৰমিত কৰে আৰু তাৰ পাছত প্ৰতিলিপি তৈয়াৰৰ বাবে কোষবোৰৰ বংশগত প্ৰণালী ব্যৱহাৰ কৰে।

এই নতুন কৰ্কট ৰোধী ভাইৰাছটোক ভেক্সিনিয়া (সম্পূৰ্ণ নাম চিএফ৩৩-এইচএনআইএছ ভাক্সিনিয়া) নামে পৰিচিত । এইটো কৰ্কট ৰোগৰ কোষবোৰ ধ্বংস কৰিবলৈ আৰু সুস্থ কোষবোৰ ৰক্ষা কৰিবলৈ প্ৰস্তুত কৰা হৈছে। তথ্য অনুসৰি এই পৰীক্ষণটো সম্পূৰ্ণ হ’বলৈ প্ৰায় দুবছৰ সময় লাগিব।

সমগ্ৰ আমেৰিকাত ১০০ জন কৰ্কট ৰোগীৰ ওপৰত পৰীক্ষা কৰা হ’ব। কৰ্কট গৱেষণা প্ৰতিষ্ঠান ইমুজিন লিমিটেডৰ মতে, এই চিকিৎসাই কৰ্কট ৰোগৰ বিৰুদ্ধে মানুহৰ ৰোগ প্ৰতিৰোধ প্ৰণালীকো সহায় কৰিব পাৰে।

প্ৰতিবেদন অনুসৰি, টিউমাৰৰ বিৰুদ্ধে এই এংকোলাইটিক ভাইৰাছ থেৰাপী পৰীক্ষণৰ প্ৰথম পৰ্যায়ৰ পৰা, বিশেষজ্ঞসকলে আশা কৰিছে যে এই ভাইৰাছে কৰ্কট ৰোগৰ বিৰুদ্ধে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব।এই থেৰাপীটোৰ কথা শেহতীয়াকৈ ইউৰেকএলাৰ্ট আলোচনীত প্ৰকাশিত হৈছে ।

বাহিৰৰ পৰা ভাইৰাছ প্ৰয়োগ কৰি কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াটো কিমান সুৰক্ষিত? এই ভাইৰাছে শৰীৰৰ আন কোনো ক্ষতি কৰিব নেকি? বহুতে এই প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে, গৱেষকসকলে দাবী কৰে যে ই সম্পূৰ্ণৰূপে সুৰক্ষিত।

এতিয়ালৈকে কোনো গুৰুত্বপূৰ্ণ পাৰ্শ্বক্ৰিয়া পোৱা হোৱা নাই। কিন্তু অনাগত দিনবোৰত কি কৰ্কট ৰোগৰ বিষয়ে চিন্তা কৰা শেষ হ’ব ? বিজ্ঞানীসকলে এই বিষয়ে এতিয়া ১০০% নিশ্চিত একো কোৱা নাই।

কিন্তু তেওঁলোকৰ মতে, যদি এই ভাইৰাছে সঠিকভাৱে কাম কৰে, কৰ্কট ৰোগৰ বিষয়ে চিন্তা যথেষ্ট হ্ৰাস হ’ব। আৰু যদি এনে হয়, তেন্তে ভৱিষ্যতে, কৰ্কট ৰোগৰ বিষয়ে চিন্তা সম্পূৰ্ণৰূপে সমাপ্ত কৰিব পাৰি। কৰ্কট ৰোগ আৰু পাঁচটা সাধাৰণ ৰোগৰ দৰে সৰল হ’ব পাৰে।

Exit mobile version