ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে চীনা যুদ্ধৰ সময়ত নিৰ্মিত জীয়াভৰলী দলং

Screenshot 375

ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টৌভঙাৰ সমীপৰ ১৫ নম্বৰ ঘাইপথৰ অতিকৈ পুৰণি জীয়াভৰলী নদীৰ দলংখন। শোণিতপুৰ জিলাৰ লগতে লখিমপুৰ তথা অৰুণাচললৈকে যোগাযোগৰ একমাত্ৰ ভৰসাৰ বৃহৎ দলংখনৰ অৱস্থাত অতিকৈ বিধ্বস্ত হৈছে।

দলংখনৰ ভয়ংকৰ অৱস্থাৰ বিষয়ে সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছত বিভাগীয় কৰ্তৃপক্ষই কণা হাঁহক পতান ধান দিয়াদি সামান্য মেৰামতি কৰিয়ে দায়িত্ব সামৰে। ইয়াৰ পাছত বিগত এমাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দলংখনৰ অৱস্থা পূৰ্বতকৈয়ো শোচনীয় হৈ পৰে ৷

বৰ্তমান দলঙখনত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত। উল্লেখ্য যে চীনা যুদ্ধৰ পাছতে অর্থাৎ ১৯৬২ তে নিৰ্মাণ কৰা জীয়াভৰলী নদীৰ এই দলংখনৰ ওপৰত বৃহৎ গাঁতেই নহয় দলংখনত ব্যৱহৃত ৰদ, লোৰ পাটি ইত্যাদিও এতিয়া দলংখনৰ ওপৰত বিদ্যমান।

অতি পুৰণি তথা মুখ্য দলংখনে বহন ক্ষমতা হেৰুৱাৰ আশংকা কৰা ৰাইজে সম্প্ৰতি দলংখনৰ ওপৰেৰে অতিক্রমী গন্তব্যস্থানলৈ যোৱাৰ ক্ষেত্ৰত এক বুজাব নোৱাৰা শংকাত ভুগিব লগা হৈছে। দৈনিক হেজাৰ হেজাৰ সৰু-বৰ যান-বাহন চলাচল কৰা দলংখনৰ দীর্ঘদিনীয়া শোচনীয় অৱস্থাৰ বাবেই দলংখনৰ ওপৰত সঘনে সংঘটিত হৈ আহিছে দুর্ঘটনা।

দলংখনৰ গাঁতত সোমাই সঘনে যান-বাহন বিকল হৈ যান-বাহনৰ গৰাকী ক্ষতিগ্রস্ত হোৱাই নহয় দলংখনৰ ওপৰত বিকল হৈ পৰা নিৰ্দিষ্ট যান-বাহনৰ বাবে বিভিন্ন সময়ত আন যানবাহন চলাচল কৰাৰ ক্ষেত্ৰত দলংখনৰ ওপৰত একপ্ৰকাৰ যান-জঁটৰ সৃষ্টি হৈ আহিছে।

দলংখনৰ ওপৰত খলপা- খলপে এৰিয়েই আছে পকী অংশ । ইপিনে, উপায়ন্তৰ হৈ স্থানীয় ৰাইজে দলংখনৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থানীয় সমাধানৰ দাবীত শীঘ্ৰে দলংখনৰ ওপৰত পথ অৱৰোধ কাৰ্যসূচী ৰুপায়ণেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিছে ।

Exit mobile version