ধনাঢ্যৰ তালিকাত পুনৰ উত্থান আম্বানীৰ

LSpic 1644339566173 1644339579136

দেশৰ আগশাৰীৰ উদ্যোগপতি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুৰব্বী মুকেশ আম্বানীৰ সম্পত্তি পুনৰ বৃদ্ধি পালে । বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত আম্বানীৰ স্থান অষ্টমলৈ উন্নীত হ’ল ।

ব্লুমবৰ্গ বিলিয়নেৰ ইনডেক্সৰ তথ্য অনুসৰি মঙলবাৰে আম্বানীৰ সম্পত্তিৰ পৰিমাণ ৩৯.৫ কোটি ডলাৰ বৃদ্ধি পোৱাৰ ফলত মুঠ সম্পত্তি ৯৫.৬ বিলিয়ন ডলাৰলৈ বাঢ়িল ।

চলিত বৰ্ষত বৰ্তমানলৈকে ৫.৫৯ বিলিয়ন ডলাৰৰ সম্পত্তি বৃদ্ধি পালে আম্বানীৰ । আনহাতে, আন এজন ভাৰতীয় ধনাঢ্য ব্যক্তি গৌতম আদানীৰ সম্পত্তি মঙলবাৰে ১.৯২ বিলিয়ন ডলাৰ হ্ৰাস পোৱাৰ ফলত মুঠ সম্পত্তিৰ পৰিমাণ ১০২ বিলিয়ন ডলাৰ হ’ল ।

বৰ্তমানে ধনাঢ্য ব্যক্তিৰ তালিকাত ষষ্ঠ স্থানত আছে আদানী । চলিত বৰ্ষত আদানী গোষ্ঠীৰ মুৰব্বীৰ সম্পত্তিৰ পৰিমাণ ২৫.৭ বিলিয়ন ডলাৰ বৃদ্ধি পালে ।

Exit mobile version