Imran Khan : মাজনিশা ইছলামাবাদত ইমৰানৰ ‘আজাদি মার্চ’, আৰম্ভ অশান্তি, সেনা মোতায়েন শ্বাহবাজৰ

PAKISTAN POLITICS 17 1653537854261 1653537885238

চৰকাৰী সকীয়নি উপেক্ষা কৰি বুধবাৰে মাজনিশা ইছলামাবাদত উপস্থিত হয় প্রাক্তন পাক প্রধানমন্ত্রী ইমৰান খানৰ আজাদি মার্চ । ইয়াৰ পাছতেই পাকিস্তানৰ ৰাজধানীৰ বিভিন্ন অঞ্চলত আৰম্ভ হয় বিক্ষিপ্ত সংঘর্ষ আৰু অশান্তি ।

পৰিস্থিতি নিয়ন্ত্রণৰ বাবে প্রধানমন্ত্রী শ্বাহবাজ শ্বৰিফে ইছলামাবাদৰ স্পর্শকাতৰ ৰেড জ’নৰ নিৰাপত্তাৰ দায়িত্ব দিছে সেনাবাহিনীক । ইছলামাবাদৰ এই অংশতেই আছে পাক ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্রীৰ বাসভৱন, কেন্দ্রীয় সচিবালয় আৰু বিভিন্ন বিদেশী দূতাবাস ।

নেছনেল এছেম্বলি ভংগ কৰি নতুনকৈ নিৰ্বাচনৰ দাবীত মঙলবাৰে খাইবাৰ-পাখতুনখোৱাৰ ৰাজধানী পেশোৱাৰৰ পৰা ইছলামাবাদৰ ডি-চকৰ উদ্দেশ্যি ‘আজাদি মার্চ’ আৰম্ভ কৰে পাকিস্তান তেহৰিক-ই-ইনছাফ দলৰ প্রধান ইমৰান আৰু তেওঁৰ সমৰ্থকসকলে । হিংসা ৰোধ কৰিবলৈ শ্বাহবাজ চৰকাৰে ইমৰানৰ কর্মসূচীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল । কিন্তু বুধবাৰে পাক উচ্চতম ন্যায়ালয়ত ইছলামাবাদৰ প্রান্তত পেশোৱাৰে সমাৱেশৰ অনুমতি দিয়ে ইমৰানৰ দলক ।

যদিও পাক চৰকাৰৰ অভিযোগ, ইতিমধ্যে ৰাজধানীৰ কেন্দ্রৰ ডি-চক কার্যত দখল কৰিছে পিটিআই কর্মী-সমর্থকসকলে । বুধবাৰৰ পৰা তেওঁলোকৰ স’তে কে’বাবাৰো সংঘর্ষ হৈছে আৰক্ষীৰ । কন্দোৱা গেছ, গুলি চালনাও হৈছে । ইমৰানৰ অভিযোগ, ১৯৬০ৰ গণ নিৰাপত্তা আইনত গ্রেপ্তাৰ কৰা হৈছে পিটিআই কর্মীসকলক । শ্বাহবাজক উদ্দেশ্যি, তেওঁলোকক দীর্ঘ দিন কাৰাগাৰত বন্দি ৰখা । বৃহস্পতিবাৰে তেওঁ কয়, ‘‘পাকিস্তানত গণতন্ত্র ঘূৰাই অনাৰ দাবীত আমাৰ আন্দোলন চলিব ।’’

Exit mobile version