Jayant Chaudhary : ছিব্বলৰ পাছত এইবাৰ ৰাজ্যসভা নিৰ্বাচনত অখিলেশৰ সমর্থন জাঠ নেতা জয়ন্ত

1653551902 kapil

কংগ্রেছচ্যুট কপিল ছিব্বলৰ পাছত এইবাৰ ৰাষ্ট্রীয় লোকদল (আৰএলডি) সভাপতি জয়ন্ত চৌধুৰী । উত্তৰ প্রদেশত আসন্ন ৰাজ্যসভা নিৰ্বাচনৰ বাবে আন এজন প্রার্থীক সমর্থনৰ ঘোষণা কৰিলে সমাজবাদী পার্টি (এছপি)-ৰ প্রধান অখিলেশ যাদৱে । বৃহস্পতিবাৰে এছপি-ৰ তৰফৰ পৰা এটা টুইট-বার্তাত কোৱা হৈছে, ‘জয়ন্ত চৌধুৰী এছপি আৰু আৰএলডি-ৰ যৌথ প্রার্থী হিচাপে ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ।’

প্রসংগত, অখিলেশৰ স’তে বুধবাৰে উত্তৰ প্রদেশত ৰাজ্যসভা নিৰ্বাচনৰ প্রার্থী হিচাপে মনোনয়ন দাখিল কৰিছিল প্রাক্তন কেন্দ্রীয় মন্ত্রী ছিব্বলে । এছপি সমর্থিত নির্দলীয় প্রার্থী হিচাপে নিৰ্বাচনত যুঁজ দিয়াৰ ঘোষণা কৰি ছিব্বলে জনায়, যোৱা ১৬ মে’ত তেওঁ কংগ্রেছৰ সদস্যপদৰ পৰা পদত্যাগ দিছে ।

অহা ১০ জুনত দেশৰ ১৫ ৰাজ্যত ৫৭টা ৰাজ্যসভা আসনত নিৰ্বাচন হ’ব । ইয়াৰ ভিতৰত উত্তৰ প্রদেশৰ ১১টা আসন আছে । সেই ৰাজ্যৰ বিধানসভাৰ পাটিগণিত অনুসৰি, ইয়াৰে শাসকদল বিজেপি আৰু আৰু প্রধান বিৰোধী দল এছপি তিনিটা আসনত জয়ী হোৱাৰ সম্ভাৱনা । বুধবাৰে ছিব্বলৰ লগতে এছপি প্রার্থী হিচাপে মনোনয়ন পেছ কৰিছিল জাভেদ আলি খানে ।

ৰাজনৈতিক মহলৰ একাংশৰ অনুমান আছিল অখিলেশে তৃতীয় আসনত তেওঁৰ পত্নী ডিম্পলক প্রার্থীত্ব দিব পাৰে । কিন্তু অৱশেষত সহযোগী দলৰ নেতা জয়ন্তকেই বাছি ল’লে । প্রয়াত প্রাক্তন উপপ্রধানমন্ত্রী চৰণ সিঙৰ নাতি তথা প্রয়াত প্রাক্তন কেন্দ্রীয় মন্ত্রী অজিত সিঙৰ নাতি জয়ন্ত পশ্চিম উত্তৰ প্রদেশত প্রভাৱশালী জাঠ নেতা হিচাপে পৰিচিত । চলিত বৰ্ষত বিধানসভা নিৰ্বাচনত এছপি-ৰ স’তে একজোঁট হৈ যুঁজ দিলে আৰএলডি-য়ে ।

Exit mobile version