এবছৰতে নীৰৱে আলফা (স্বা)লৈ ২৩৪

thediplomat 2020 02 26 9 1 696x466 1

শেহতীয়াকৈ আলফা (স্বাধীন)ত ৰাজ্যৰ একাংশ যুৱক-যুৱতীৰ যোগদানৰ তথ্য সঘনে পোহৰলৈ আহিছে । আৰক্ষীৰ তথ্য অনুসৰি বিগত এবছৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰা যুৱক-যুৱতীৰ সংখ্যা কমেও ২৩৪ গৰাকী ।

আৰক্ষী সূত্র‌ই জনোৱা মতে, অতি সন্তৰ্পণে এই যোগদান প্ৰক্ৰিয়া সম্পন্ন হোৱা হেতুকে ইয়াৰ সম্পূৰ্ণ তথ্য পোহৰলৈ অহা নাছিল । সূত্ৰটোৱে দাবী কৰে যে যোগদান কৰাসকলৰ একেবাৰে নগন্য সংখ্যকহে অলপ দিনৰ পাছতে মূলসুঁতিলৈ উভতি আহে অথবা ধৰা পৰে । ৰাজ্যৰ গৃহ বিভাগে এই বিষয়ে অনুসন্ধানৰ বিশেষ দায়িত্ব চোৰাংচোৱাক অৰ্পণ কৰাৰ পাছতহে নতুনকৈ সংগঠনটোলৈ যোৱা একা‍ংশ যুৱক-যুৱতীৰ তথ্য উদ্ধাৰ হয় ।

আলফা গমনৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হৈ থকাৰ ফলত আনুষ্ঠানিক খবৰো সঘনে পোহৰলৈ আহিছে । অৱশ্যে অধিকাংশৰে বিতং তথ্য উদ্ধাৰ হোৱা নাই । বিগত বৰ্ষত আলফা (স্বা)লৈ যোৱা একাংশ সদস্য‌ই সম্প্ৰতি সংগঠনৰ হৈ ধন দাবী আৰু ধন সংগ্ৰহ অভিযানত জড়িত হৈছে । বিশেষকৈ পূব অসমৰ চাহ বাগিচা, ঠিকাদাৰ আৰু উদ্যোগ প্ৰতিষ্ঠানৰ আলফা (স্বা)ৰ হৈ পুঁজি সংগ্ৰহত সেইসকলক জড়িত কৰা হৈছে । ধন দাবীৰ ঘটনা আৰু সংগ্ৰহ অধিক বৃদ্ধি হোৱাৰ আশংকাত ইয়াৰ প্ৰতিৰোধৰ বাবে বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা আৰক্ষীক গুৱাহাটীৰ সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ৰ পৰা সতৰ্ক কৰি দিয়া হৈছে ।

আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি অসমৰ পৰা পুঁজি সংগ্ৰহ কৰিবলৈ ম্যানমাৰৰ টাগাস্থিত শিবিৰৰ পৰা অহা ১০-১২ জনীয়া এটা দলে ভাৰতৰ সীমাৰ ভিতৰত অৱস্থান কৰি আছে । দলটোৰ কেইজনমানে নগালেণ্ডৰ মন জিলাত থকাৰ তথ্য‌ও উদ্ধাৰ হৈছে । আন কেইজনমানে অৰুণাচলৰ অসম সীমান্তৰ জাগুনত বাহৰ পাতিছে । জাগুনত থকা দলটোৱে প্ৰয়োজন সাপেক্ষে নতুন সদস্যক ম্যানমাৰলৈ প্ৰেৰণতো সহযোগিতা আগবঢ়াইছে ।

প্ৰসংগক্ৰমে উল্লেখ যে আলফা (স্বা)ই শেহতীয়াভাৱে অৰুণাচল ম্যানমাৰ সীমান্ততকৈ নাগালেণ্ড ম্যানমাৰ সীমান্ত অধিক ব্যৱহাৰ কৰিছে বুলি সূত্ৰটোৱে কয় । সূত্ৰত প্ৰকাশ যে নতুনকৈ সদস্যভৰ্তি হোৱাসকলেও নগালেণ্ড হৈয়ে ম্যানমাৰত প্ৰৱেশ কৰিছে ।

আলফা (স্বা)ৰ নেতা আইচেং অসমৰ তত্ত্বাৱধানত মন জিলা হৈ নতুন সদস্যসকলে ম্যানমাৰত প্ৰৱেশ কৰি সংগঠনটোৰ সামৰিক শাখাত ভৰ্তি হৈছে । আইচেঙৰ তত্ত্বাৱধানত ধন দাবী সংগ্ৰহকাৰীৰ দলটোৱে ম্যানমাৰৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰিছে । এই দলটোৰ প্ৰৱেশৰ তথ্য উদ্ধাৰৰ পাছতে যোৱা ১৯ মে’ত অসম আৰক্ষীয়ে অইল ইণ্ডিয়া লিমিটেড আৰু অ’এনজিচিক আলফা (স্বা)ৰ ধন সংগ্ৰহৰ তৎপৰতাক লৈ সতৰ্ক কৰি দিয়ে । তদুপৰি আৰক্ষীয়ে চিআইএছ‌এফ, এআইএছ‌এফৰ লগতো সঘনে নিৰাপত্তাজনিত বিষয়ৰ পৰ্যালোচনা অব্যাহত ৰাখিছে ।

Exit mobile version