তামিলক চৰকাৰী ভাষাৰ স্বীকৃতি দিয়াৰ দাবী মুখ্যমন্ত্ৰী ষ্টেলিনৰ

pm modi mk stalin 1653591626

তামিল ভাষাক প্রশাসনিক ভাষা হিচাপে স্বীকৃতি দিবৰ বাবে বহু দিনৰ পৰাই দাবী উত্থাপিত হৈ আহিছে । কংগ্রেছ নেতৃত্বাধীন ইউপিএ কেন্দ্রত থকাকালীন তামিল ভাষাক ক্লাছিকেল লেংগোৱেজ বা ধ্রুপদী ভাষাৰ মর্যাদা দিয়া হয় । এইবাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ (Prime Minister Narendra Modi) কাষত থিয় হৈ আৰু এবাৰ একেই দাবী জনালে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে (Tamil Nadu chief minister MK Stalin) ।

হিন্দীৰ দৰেই স্বীকৃতি দিয়া হ‌ওক তামিল ভাষাক । প্রধানমন্ত্রী মোদীৰ স’তে একেই মঞ্চত থিয় হৈ ক’লে তামিলনাডুৰ মুখ্যমন্ত্রী এমকে ষ্টেলিনে । চেন্নাইত এক ভিত্তিপ্রস্তৰ স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, তামিল ভাষা সাশ্বত আৰু তামিল সংস্কৃতি বিশ্বজনীন । আনহাতে, সর্বভাৰতীয় মেডিকেল প্রৱেশিকা নিটৰ পৰা তামিলনাডুক অব্যাহতি দিবৰ বাবেও আবেদন জনাইছে ষ্টেলিনে । সম্প্রতি এই ৰাজ্যৰ বিধানসভাত এটা বিল পাছ হৈছে ।

প্রধানমন্ত্রীক শুভেচ্ছা জনাই তেওঁ তামিলনাডুক NEET (নিট)ৰ পৰা অব্যাহতি দিয়াৰ দাবী জনাইছে । লগতে, অনিষ্পাদিত জিএছটিৰ বকেয়া মুক্তিৰ দাবীও জনাইছে । ইয়াৰ উপৰি, উচ্চ ন্যায়ালয় আৰু কেন্দ্রীয় চৰকাৰী কাৰ্যালয়ত তামিলক চৰকাৰী ভাষাৰ স্বীকৃতি দিয়াৰ দাবীও জনাইছে ।

বৃহস্পতিবাৰে সন্ধিয়া পাঁচ বজাত চেন্নাই বিমানবন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । তেওঁক আদৰণি জনায় তামিলনাডুৰ ৰাজ্যপাল আৰএন ৰবি, এআইএডিএমকেৰ ক’অর্ডিনেটৰ তথা প্রাক্তন মুখ্যমন্ত্রী ইদাপাদ্দি কে পালানিস্বামী, কেন্দ্রীয় মন্ত্রী এল মুৰুগান, ডিএমকে মন্ত্রী কেএন নেহেৰু, দুৰাই মুৰুগান আৰু তামিলনাডুৰ আৰক্ষী বিষয়া ছিলেন্দ্র বাবুৱে ।

Exit mobile version