ভূমি পট্টা প্ৰদানৰ দাবীত আছাৰ প্ৰতিবাদ

চাহ বাগিছাত হোৱা উচ্ছেদৰ বিৰোধিতাৰে চিৰাঙৰ কাজলগাঁৱত আছা আৰু আদিবাসী ছেংগেল অভিযানৰ তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ । আদিবাসীসকলৰ জনজাতিকৰণ, ভূমি পট্টা প্ৰদানকে আদি কৰি কে’বাটাও দাবী উত্থাপন কৰে প্ৰতিবাদস্থলীত ।

চিৰাং জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা আৰু আদিবাসী ছেংগেল অভিযানৰ এই তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৷

প্ৰতিবাদস্থলীৰ পৰা সংবাদ মাধ্যমৰ আগত আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ষ্টিফেন লাক্ৰাই কয় শিলচৰ জিলাৰ দুলু চাহ বাগিছাত হোৱা উচ্ছেদ কৰিবলৈ লোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি কয় যে এই উচ্ছেদৰ জৰিয়তে চাহ বাগিচাখনৰ তিনি হেজাৰ শ্ৰমিকৰ জীৱিকা বিপন্ন হ’ব ৷ লগতে ২৫০০ ভূমি ক্ষতিগ্ৰস্ত হ’ব ।

তেওঁ চাহ বাগিচাৰ স’তে জড়িত আদিবাসী লোকসকলৰ জীৱিকাৰ প্ৰতি ভাবুকি অহাৰ বাবে চৰকাৰক এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই বিজেপি নেতৃত্বাধীন অসম চৰকাৰক তিব্ৰ সমালোচনা কৰে ।

একেদৰে প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰা আদিবাসী ছেংগেল অভিযানৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ডেনিয়েল হেমব্ৰমে অসম চৰকাৰে আদিবাসীসকলক চাহ জনজাতিৰ পৰিচয় কৰিবলৈ নিৰ্দেশনা দিয়া কাৰ্যৰ বিৰোধিতা কৰি এই সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ চাহ বাগিচাৰ স’তে জড়িত নোহোৱা লোকক চাহ জনজাতিৰ প্ৰমাণ পত্ৰ দিয়াত তিব্ৰ ভাষাৰে সমালোচনা কৰি উদ্বেগ প্ৰকাশ কৰে ৷

আদিবাসীসকলক কৰা প্ৰতাৰণাৰ বাবে দুই সংগঠনৰ উদ্যোগত অসমৰ বিভিন্ন ঠাইত গণতান্ত্ৰিকভাৱে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

Exit mobile version