Indian Army Accident : ৬০ ফুট তলত পৰিল বাহন, লাদাখত ভয়াৱহ দুর্ঘটনাত মৃত সাত জোৱান

লাদাখত ভয়াৱহ গাড়ী দুর্ঘটনা । খালত গাড়ী পৰি সাতজন সেনাৰ মৃত্যু হৈছে । লাদাখৰ তুৰতুক ছেক্টৰত এই ঘটনা সংঘটিত হৈছে । ঘটনাত কে’বাজনো সৈনিক আহত হৈছে ।

পুৱা প্ৰায় ন বজাত ঘটনাটো সংঘটিত হয় । তথ্য অনুসৰি ২৬ জন সৈনিক থকা গাড়ীখন প্রায় ৫০ৰ পৰা ৬০ ফুট তলত এখন স্থানীয় নদীত পৰি যায় ।

প্ৰাপ্ত তথ্য অনুসৰি ঘটনাত কে’বাজনো আহত হোৱাৰ লগতে সাতজনৰ মৃত্যু হৈছে । ইয়াৰে অধিকাংশৰে অৱস্থা সংকটজনক । যদিও সম্পূর্ণ খবৰ এতিয়াও জানিব পৰা হোৱা নাই ।

সেনা সূত্রে জনোৱা হৈছে, “২৬ জনীয়া সৈন্যৰ এটা দল পাৰতাপুৰৰ ট্রানজিট কেম্পৰ পৰা হানিফ ছাব ছেক্টৰৰ এটা ফৰৱার্ড পজিছনত গৈ আছিল । আনুমানিক পুৱা ন বজাত, থোৱাইজৰ পৰা প্রায় ২৫ কিলোমিটাৰ দূৰত, গাড়ীখন পথৰ পৰা ছিটিকি শ্যাওক নদীত পৰে (প্রায় ৫০-৬০ ফুট তলত), যাৰ ফলত সকলো যাত্রী আহত হৈছে ।”

তেওঁলোকে আৰু জনায়, “এই পর্যন্ত সাতজনক মৃত ঘোষণা কৰা হৈছে । আনকেইজনো গুৰুতৰভাৱে আহত হৈছে । আহতসকলক উন্নত চিকিৎসা পদান নিশ্চিত কৰাৰ প্রচেষ্টা চলিছে, ইয়াৰ ভিতৰত গুৰুতৰ আহতসকলক ৱেষ্টার্ন কমাণ্ডত স্থানান্তৰ কৰিবৰ বাবে বিমান বাহিনীক অনুৰোধ কৰা হৈছে ।”

Exit mobile version