SBI YONO App : বেংকত যাব নালাগে, ৩৫ লাখ পর্যন্ত লোন পাব ঘৰতেই

india february priyanka photographed delhi state parashar 3d38be6a 93d9 11e8 a9be 0a3dd955ac48 1645099884392

বেংক নোহোৱাকৈয়ে ডিজিটেলি পাব পাৰে ৩৫ লাখ টকা পর্যন্ত ঋণ । ডিজিটেল বেংকিঙক উৎসাহিত কৰিবলৈ নতুন প্রডাক্ট আনিছে বেংকবোৰে । গ্রাহকসকলক সুবিধাৰ লগতে বেংকৰ শাখাত যোৱাৰ সমস্যাৰ পৰাও মুক্তি দিছে এই ব্যৱস্থাই ।

SBI YONO App : কোন বেংকত কি সুবিধা ?
সম্প্রতি দেশৰ বৃহত্তম বেংক এছবিআই YONO এপত ৰিয়েল টাইম এক্সপ্রেছ ক্রেডিট (RTXC) নামে এটা ঋণ আৰম্ভ কৰিছে । ইয়াৰ অধীনত গ্রাহকসকলে SBI YONO এপৰ মাধ্যমত ৩৫ লাখ টকা পর্যন্ত ব্যক্তিগত ঋণ ল’ব পাৰে । ইয়াৰ বাবে গ্রাহকসকলে শাখাত যোৱাৰ প্রয়োজন নাই । ঘৰত বহিয়ে ডিজিটেল মাধ্যমত সকলো কাম সম্পন্ন কৰিব পাৰিব গ্রাহকসকলে । বেতনভোগী শ্রেণীৰ বাবে এই সুবিধা আৰম্ভ কৰা হৈছে ।

SBI News : কি কয় ষ্টেট বেংকে ?
এছবিআই-য়ে বিবৃতিত জনাইছে, আৰটিএক্সচিৰ মাধ্যমত ব্যক্তিগত ঋণৰ আবেদনকাৰী গ্রাহকসকলৰ যোগ্যতা পৰীক্ষণসহ নথিপত্র আৰু অন্যান্য প্রক্রিয়া পৰীক্ষা সম্পূর্ণ ডিজিটেল পদ্ধতিত হ’ব । এপৰ মাধ্যমত ব্যক্তিগত ঋণ দিয়াৰ এই সুবিধা বিশেষকৈ বেতনভোগী শ্রেণীৰ প্ৰতি লক্ষ্য ৰাখিয়ে আৰম্ভ কৰা হৈছে । সেই ক্ষেত্রত যিসকলৰ বেতন একাউন্ট এছবিআইত আছে তেওঁলোকে এই সুবিধা পাব ।

SBI YONO App : কোনে ল’ব পাৰিব ঋণ
যিসকলৰ বেতন একাউন্ট SBI ত আছে ।

যাৰ ন্যূনতম বেতন প্রতি মাহে ১৫ হেজাৰ টকা ।

কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ কর্মচাৰী, কেন্দ্রীয় পিএছইউ আৰু মুনাফা অর্জনকাৰী ৰাজ্য পিএছইউৰ কর্মচাৰী, জাতীয় স্তৰৰ স্বনামধন্য শিক্ষাপ্রতিষ্ঠানৰ কর্মচাৰী, নির্বাচিত বেচৰকাৰী সংস্থাৰ কর্মচাৰী যিসকল বেংকৰ স’তে জড়িত বা নহয়, তেওঁলোকেও এই সুবিধা লাভ কৰিব ।

SBI News : এছবিআই প্ৰধানে কি কয় ?

এই বিষয়ত এছবিআই-ৰ প্ৰধান দীনেশ খাৰাই কয়, ”বেংকে ক্রমাগত প্রযুক্তি ভিত্তিক বেংকিং সুবিধা আৰম্ভ কৰিছে । ৰিয়েল টাইম এক্সপ্রেছ ক্রেডিট লোন সুবিধা আৰম্ভ কৰা হৈছে ডিজিটেল বেংকিঙক উৎসাহিত কৰিবৰ বাবে ।”

বেংকৰ দাবী, সর্বনিম্ন সুদৰ হাৰত ব্যক্তিগত ঋণ দিছে এছবিআই-য়ে । এই এপৰ মাধ্যমত ঋণ ল’বলৈ গ্রহণকাৰীক কোনো ছিকিউৰিটি বা গেৰেন্টাৰৰ প্রয়োজন নহ’ব ।

Exit mobile version