Sunscreen Lotion : ছানস্ক্রিন সানি বাহিৰত উলালেও ক’লা চাপ পৰে ? কেনেদৰে লগালে পাব সমাধান

1653581428 new project 2022 05 26t213945 245

গৰম হ‌ওক বা বর্ষা— ছাল বিশেষজ্ঞসকলে কয় ছানস্ক্রিনৰ প্রয়োজন গোটেই বছৰটোতেই । আনকি, ভাৱৰীয়া দিনতো এই ক্রিম লগাই ওলোৱাৰ পৰামর্শ দিয়ে তেওঁলোকে । নাৰী-পুৰুষ নির্বিশেষে ছাল ভালে ৰাখিবলৈ, শৰীৰৰ খোলা অংশৰ ছালক সূর্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰিবলৈ ছানস্ক্রিন অত্যন্ত প্রয়োজনীয় ।

ছানস্ক্রিন ঘহিলেই যে ছাল সুৰক্ষিত এনে নহয় । ছানস্ক্রিন লগোৱাৰো কিছু নিয়ম আছে যি সকলো সময়তে মানি চলা নহয় । সেয়ে ছানস্ক্রিন ঘহাৰ পাছতো তাৰ উপকাৰিতা অনেকেই নাপায় । ৰূপ বিশেষজ্ঞসকলৰ মতে, বিশেষ কিছুমান নিয়ম মানি ছানস্ক্রিন ঘহিলে ছালৰ গ্ল’ বঢ়াৰ লগতে সূর্যৰ পোহৰত ছাল পুৰি যোৱাৰ ভয় নাথাকে ।

গৰমত যাতে ছাল বেছিকৈ পুৰি নাযায় তাৰ বাবে ঘৰত থাকিলেও ছানস্ক্রিন ঘহি থাকক । শীতাতপ নিয়ন্ত্রিত কোনো কোঠাত থাকিলে দিনৰ ভাগত প্রতি তিনি ঘণ্টাৰ মূৰত ছানস্ক্রিন ব্যৱহাৰ কৰক । ছানস্ক্রিন ব্যৱহাৰ কৰাৰ আগতে তাত সামান্য পৰিমাণে পানী মিহলি কৰি ল‌ওক । পানীতকৈ ভাল ম‌য়শ্চৰাইজাৰ নাই । হাতৰ তলুৱাত কেইটোপালমান পানী লৈ তাত ছানস্ক্রিন মিহলি কৰি শৰীৰত লগাওক । ফলত ছালত ক্রিম বহু সময়লৈকে থাকিব । লগতে ছানস্ক্রিন ঘহিলেই ছালৰ যি ঘামি যোৱাৰ সমস্যা দেখা যায় সেইটোও কমিব ।

Exit mobile version