ৰুগীয়া পত্নীক সকাহ দিবলৈ ভিক্ষাৰী স্বামীয়ে ক্ৰয় কৰিলে মটৰ চাইকেল

91754826

সন্তোষ চাহু আৰু তেওঁৰ পত্নী মুন্নীয়ে যেতিয়া ম’পেডত উঠি ভিক্ষা বিচাৰি যায়, তেতিয়া এই দৃশ্য প্রত্যক্ষ কৰি সকলোৱে অবাক হয়। দুয়োৱে ভিক্ষা মাগিবলৈ এইখন ম’পেডৰে পৃথক পৃথক স্থানলৈ যায়।

কিন্তু এজন ভিক্ষাৰীয়ে কিয় ম’পেড কিনিব লগা হ’ল আৰু ম’পেড কিনিবলৈ ধন ক’ত পালে? দৰাচলতে এইখন ম’পেড সন্তোষে তেওঁৰ পত্নীক উপহাৰ দিছে। সন্তোষৰ দুয়োখন ভৰি বিকল, খোজ কাঢ়িব নোৱাৰে।

সন্তোষে প্ৰকাশ কৰা মতে, পূৰ্বে তেওঁৰ এখন ট্ৰাইচাইকেল আছিল আৰু পত্নীৰ স’তে ট্ৰাইচাইকেলত উঠি তেওঁলোক দুয়োয়ে ভিক্ষা মাগিছিল। পত্নী মুন্নীয়ে ট্ৰাইচাইকেলখনৰ-পেডেল মাৰিছিল আৰু এইদৰে ট্ৰাইচাইকেল চলোৱাৰ ফলত মুন্নীৰ পিঠিৰ বিষ সমস্যাই দেখা দিছিল।

পত্নীৰ চিকিৎসা কৰাবলৈ সন্তোষে ৫০ হেজাৰ টকা ব্যয় কৰিব লগা হ’ল। চিকিৎসকে মুন্নীক ট্রাইচাইকেল চলোৱাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়াত সন্তোষ বিপদত পৰিছিল।ইয়াৰ পাছত চাৰি বছৰ ধৰি ভিক্ষা কৰা ধন সঞ্চয় কৰি ৯০ হেজাৰ টকাত এখন বিশেষ ধৰণৰ ম’পেড ক্ৰয় কৰিলে সন্তোষে।

বর্তমানে এই ম’পেডত উঠিয়ে সন্তোষ আৰু মুন্নীয়ে মধ্যপ্ৰদেশৰ ছিবনী, ইটাৰ্চী, ভূপাল,ইন্দোৰত ভিক্ষা কৰি আহিছে। সামাজিক মাধ্যমত শেহতীয়াভাৱে সন্তোষ-মুন্নীৰ ম’পেডত উঠি ভিক্ষা কৰাৰ এক ভিডিঅ’ ভাইৰেল হৈছে। একাংশ লোকে ভিক্ষাৰীয়ে ম’পেড ক্ৰয় কৰাত আশ্চর্য প্ৰকাশ কৰিলেও বহুতে পত্নীৰ প্ৰতি সন্তোষৰ প্ৰেমক উচ্চ প্রশংসা কৰিছে।

Exit mobile version