চাৰি ভাৰতীয়সহ ১৯ গৰাকী যাত্ৰীক লৈ নেপালৰ মাজ আকাশত সন্ধানহীন বিমান

Nepal plane

দেওবাৰে পুৱা নেপালৰ আকাশৰ পৰা এখন বিমান সন্ধানহীন হয়। পুৱা ন বাজি ৫৫ মিনিটৰ পৰা আৰু সন্ধান পোৱা নাই বিমানখনৰ ।তথ্য অনুসৰি বিমানখনত চাৰিজন ভাৰতীয়কে ধৰি মুঠ ২২ জন যাত্ৰী আৰু কৰ্মচাৰী আছিল। বিমানখন পোখৰাৰ পৰা জমচমলৈ ৰাওনা হৈছিল ।

ADVERTISEMENT

তথ্য অনুসৰি, বিমানখনত চাৰিজন জাপানী নাগৰিকৰ উপৰিও চাৰিজন ভাৰতীয় নাগৰিক আছিল। বাকীসকলো নেপালী লোক আছিল ।

বিশ্বৰ সৰ্বোচ্চ পৰ্বতশীৰ্ষ দেশ নেপালত সঘনাই বিমান দুৰ্ঘটনা সংঘটিত হয়। এই বিমানখন নিৰুদ্দেশ হোৱাৰ পাছত, স্বাভাৱিকতে যথেষ্ট উদ্বেগ সৃষ্টি হৈছে।

সংবাদ সংস্থা এএনআইক গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ ফনিন্দ্ৰ মণি পোখৰেলে জনাইছে, সন্ধানহীন বিমানখনৰ সন্ধানৰ বাবে ইতিমধ্যে মুস্তাং আৰু পোখৰাৰ পৰা দুখন হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে।

নেপাল সেনাৰ হেলিকপ্টাৰেও বিমানখনৰ বাবে এটা অনুসন্ধান অভিযান আৰম্ভ কৰিছে।

নেপাল সেনাৰ মুখপাত্ৰ নাৰায়ণ চিলৱালে কয়, “নেপাল সেনাৰ এমআই-১৭ হেলিকপ্টাৰ ইতিমধ্যে মুস্তাঙৰ ফালে উৰা মাৰিছে। বিমানখন তাত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে।

নেপালৰ আৰক্ষী বিষয়া ৰমেশ থাপাই জনাই যে শেষ খবৰ পোৱা পৰ্যন্ত সন্ধানহীন বিমানখনৰ কোনো সন্ধান পোৱা নাই।

Exit mobile version