Aadhaar : আচল আধাৰ নহয়, অপপ্রয়োগ ৰোধ কৰিবলৈ ‘মাস্কড আধাৰ’ ব্যৱহাৰৰ পৰামর্শ কেন্দ্রৰ

1623336606 aadhar card

আধাৰ কার্ডক লৈ বিভিন্ন ধৰণৰ জালিয়াতি, অপব্যৱহাৰ হয় । কেৱাইচি দিব গ’লেও আমি সাধাৰণতে আধাৰ কার্ডৰ ফটোকপি দিব লাগে । কিন্তু এইবাৰৰ পৰা আধাৰ কার্ডৰ ফটোকপি নিদিয়াৰ পৰামর্শ দিছে কেন্দ্র‌ই ।

এক প্রেছ বিজ্ঞাপ্তি জাৰি কৰি কেন্দ্র‌ই কয়, ‘আপোনালোকে আধাৰ কার্ডৰ ফটোকপি কোনো প্রতিষ্ঠানকে নিদিব । কিয়নো ইয়াৰ অপব্যৱহাৰ হ’ব পাৰে । পৰিৱর্তে মাস্কড আধাৰ কার্ড দিয়ক । য’ত কেৱল কার্ডৰ শেষ চাৰি সংখ্যাই দেখা যাব ।’এতিয়া প্রশ্ন হৈছে মাস্কড আধাৰ কার্ড কি ?

আধাৰ কার্ড সম্পর্কে সম্যক ধাৰণা থাকিলেও, মাস্কড আধাৰৰ বিষয়ে অনেকেই অৱগত নহয় । ইউআইডিএআই-ৰ ৱেবছাইট অনুযায়ী, মাস্কড আধাৰ হ’ল আধাৰৰ ১২টা সংখ্যাৰ ভিতৰত প্রথম আঠটা সংখ্যা XXXXXXXX হিচাপে চিহ্নিত থাকিব । কেৱল শেষথ চাৰিটা সংখ্যাহে দেখা যাব ।

কেনেদৰে এই আধাৰ পোৱা যাব ?

ইউআইডিএআই-ৰ অফিচিয়েল ৱেবছাইটত গৈ আধাৰৰ ১২টা সংখ্যা দিব লাগিব । এটা অপছন আহিব ‘ডু ইউ ৱান্ট আ মাস্কড আধাৰ’ । তাৰ পৰাই ডাউনলোড কৰিব পাৰিব । অৱশ্যে এই ক্ষেত্রতো সতর্ক কৰিছে কেন্দ্র‌ই । কোনো কেফে বা সর্বসাধাৰণৰ বাবে ব্যৱহৃত কম্পিউটাৰল পৰা যেন নাগৰিকসকলে আধাৰ কার্ড ডাউনলোড নকৰে । যদি কৰেও, তেনেহ’লে তেওঁলোকে যেন অৱশ্যেই ডাউনলোড কৰা সমস্ত তথ্য এই কম্পিউটাৰৰ পৰা সম্পূৰ্ণভাৱে মছি পেলায় ।

এক জাননী জাৰি কৰি কেন্দ্রীয় তথ্যপ্রযুক্তি মন্ত্রণালয়ে জনাইছে, যিসমূহ প্রতিষ্ঠানৰ কোনো লাইছেন্স নাই, তেওঁলোকে কোনো প্ৰকাৰেই কোনো ব্যক্তিৰ পৰা আধাৰৰ ফটোকপি বিচাৰিব নোৱাৰিব । আনকি তেওঁলোকৰ ফটোকপি নিজৰ লগতো জমা ৰাখিব নোৱাৰিব ।

একমাত্র যিসমূহ প্রতিষ্ঠানে ইউআইডিএআইৰ পৰা ইউজাৰ লাইছেন্স পাইছে, তেওঁলোকেই সংশ্লিষ্ট ব্যক্তিৰ পৰিচয়পত্র হিচাপে আধাৰ কার্ড ল’ব পাৰিব । লগতে নাগৰিকসকলক কেন্দ্র‌ই পৰামর্শ দিছে, তেওঁলোকে যেন আধাৰ কার্ড দিয়াৰ আগতে পৰ্যবেক্ষণ কৰি লয় সেই প্রতিষ্ঠানৰ ইউআইডিএআই-ৰ লাইছেন্স আছে নে নাই ।

Exit mobile version