Sticky Bomb : ‘ষ্টিকি বোমা’ আক্ৰমণৰ পৰিকল্পনা আছিল অমৰনাথ যাত্রাত !

untitled design 13 16525853143x2 1

আক্ৰমণ পদ্ধতি সলনি কৰিছে সন্ত্ৰাসবাদীসকলে । আক্ৰমণৰ বাবে তেওঁলোকে অত্যন্ত ঘাতক ‘ষ্টিকি বোমা’ৰ ব্যৱহাৰ আৰম্ভ কৰিছে । কিছুদিন আগতেই জম্মু-কাশ্মীৰৰ কাটৰাত বাছত যি বিস্ফোৰণ হৈছিল, চোৰাংচোৱাসকলে জনাইছে, সেই বিস্ফোৰণত ষ্টিকি বোমা ব্যৱহাৰ কৰা হৈছিল । বাছখন বৈষ্ণোদেৱী বেচ কেম্পলৈ গৈছিল । পথতেই বিস্ফোৰণ ঘটে ।

সেই ঘটনাৰ পাছত দেওবাৰে কাঠুৱাত ষ্টিকি বোমা আৰু গ্রেনেড লঞ্চাৰসহ ড্র’ন গুলি কৰি নমাইছে আৰক্ষীয়ে । অমৰনাথ যাত্রাত আক্ৰমণৰ পৰিকল্পনা আছিল বুলি দাবী চোৰাংচোৱাৰ । আইইডি-ৰে সন্ত্ৰাসবাদীসকলৰ আক্ৰমণৰ শংকা সকলো সময়তেই থাকে । কিন্তু এতিয়া নতুকৈ আতংকৰ সৃষ্টি কৰিছে এই ষ্টিকি বোমাই । এই কথা সদৰী কৰিছে, জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন বিষয়াই ।

কি এই ষ্টিকি বোমা ? কিয় এই বোমাকেই আক্ৰমণৰ বাবে বাছি লৈছে সন্ত্ৰাসবাদীসকলে ?

জম্মু-কাশ্মীৰ আৰক্ষীৰ বিষয়াজনে জনাইছে, ষ্টিকি বোমাৰ আন এটা নাম ‘মেগনেটিক বোমা’ । ইয়াত টাইমাৰ লগোৱা থাকে । দূৰৰ পৰাও নিয়ন্ত্রণ কৰিব পাৰি । মুদ্ৰাৰ আকাৰৰ এই বোমা সহজেই যিকোনো স্থানত লগোৱা সম্ভৱ । আকাৰত সৰু হোৱাৰ বাবে সহজে কাৰো চকুত নপৰে । সাধাৰণতে গাড়ীত আক্ৰমণ কৰিবৰ বাবে এই মেগনেট বোমা ব্যৱহাৰ কৰে সন্ত্ৰাসবাদীসকলে ।

টাইমাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্রত পাঁচৰ পৰা ১০ মিনিটৰ সময় নির্ধাৰিত কৰি দিয়া হয় যাতে এই সময়ৰ ভিতৰত সন্ত্ৰাসবাদীসকলে পলোৱাৰ পথ বিচাৰি ল’ব পাৰে ।

ট্রাফিক ছিগনেলত গাড়ী ৰখাৰ সময়তেই আক্ৰমণৰ বাবে লক্ষ্য কৰা নির্দিষ্ট গাড়ীত ষ্টিকি বোমা লগায় সন্ত্ৰাসবাদীসকলে । কাটৰাৰ বাছ বিস্ফোৰণৰ ঘটনাৰ ক্ষেত্রতো একেই কৌশল অৱলম্বন কৰিছিল সন্ত্ৰাসবাদীসকলে । বাছৰ ইন্ধনৰ টেংকত বোমা লগাই দিছিল তেওঁলোকে ।

আফগানিস্তানত এই বোমাৰ বহুল ব্যৱহাৰ হৈছে । আমেৰিকাৰ দৰে দেশক চাপত পেলাইছিল সন্ত্ৰাসবাদীৰ এই কৌশলে । অতি কম খৰচত এই বোমা প্ৰস্তুত কৰিব পাৰি । এই বোমা প্ৰস্তুত কৰিবলৈ ব্যয় হয় এক-দুহেজাৰ টকা ।

Exit mobile version