অবিশ্বাস্য ! নিশাৰ ভিতৰতে ‘কোটিপতি’ হ’ল HDFC বেংকৰ ১০০ জন গ্রাহক

90637361

কিছু ঘণ্টাৰ বাবে ৰজা হোৱাৰ স্বপ্ন অনেকে দেখে । কিন্তু কিছু ঘণ্টাৰ বাবে যদি কোটিপতি হৈ যায় ? তেনে এক অভিজ্ঞতাই হ’ল HDFC বেংকৰ চেন্নাইৰ ১০০ জন গ্রাহকৰ ।

বিষয়টো কিছু স্পষ্ট কৰা হ‌ওক । প্ৰকৃততে এই গ্রাহকসকল প্রত্যেকেই, দেওবাৰে কিছু ঘণ্টাৰ বাবে কোটিপতি হোৱাৰ সুযোগ পায় ।

এবাৰতে কে’বা গুণো বেলেন্স বাঢ়ি যায় তেওঁলোকৰ । অলপ চলপ নহয়, এজনৰ প্রায় ১৩ কোটি টকা বেলেন্স বৃদ্ধি পায় ।

সাধাৰণভাৱেই চেন্নাইৰ টি নগৰ ব্রাঞ্চৰ এই গ্রাহকসকলে একাউন্ট বেলেন্স দেখি উচপ্ খাই উঠে । চেন্নাইৰ এখন স্কুলৰ বিষয়া ভি সঞ্জীৱী । তেওঁ বেসন্ত নগৰ ব্রাঞ্চৰ গ্রাহক । তেওঁৰ একাউন্টত হঠাৎ ৩.১ কোটি টকা আহি যায় ।

অৱশ্যে দুখৰ বিষয় এটাই । দেখা দিয়েই নোহোৱা হৈ যায় এই কোটি কোটি টকা । প্ৰকৃততে সম্পূৰ্ণ ‘প্রযুক্তিগত ত্রুটি’ৰ কাৰণত হৈছে ।

এইছডিএফচি বেংকে জনাইছে, দেওবাৰে নতুন ছফ্টৱেৰ পেচ আৰম্ভ কৰা হৈছিল । ছুটিৰ দিনাখন চাপ কম থকাত সেই সময়তেই ৰক্ষণাবেক্ষণৰ কাম চলিছিল । ইপিনে ‘গ্লিচ’ৰ বাবে এই একাউন্টবোৰত কে’বা হেজাৰৰ পৰা সর্বোচ্চ ১৩ কোটি টকা ডিপ’জিট হৈ যায় ।

ইতিমধ্যে কোনো অ্যাকাউন্টত টকা প্ৰেৰণ কৰাৰ পাছত সেইটো গ্রাহকসকলে তুলিছে নেকি, তাৰ তদন্ত কৰিছে HDFC-য়ে । ভাৰতীয় বেংকিং নিয়ম অনুসৰি, ভুলৱশত একাউন্টত টকা আহিলে সেয়া সম্পূর্ণভাৱে উভতাই দিয়াৰ যোগ্য । কোনোৱে সেই টকা খৰচ কৰিলে অৱশ্যেই ঘূৰাই দিব লাগিব । নহয়তো আইনী ব্যৱস্থাও ল’ব পাৰে ।

Exit mobile version