কেৱল ধৰ্ম কৰ্মতে নহয়, ধূনাৰ আছে বহু স্বাস্থ্যকৰ গুণ !

frankincense

প্ৰাচীন কালৰ পৰাই হিন্দুসকলৰ ঘৰত সন্ধিয়া ধূনা জ্বলোৱাৰ পৰম্পৰা আছে । ইয়াৰ সুগন্ধি ধোঁৱাই মনক শান্ত কৰে আৰু চিন্তা মুক্ত কৰে। এই ঐশ্বৰিক গোন্ধৰ বাবেই পূজা আৰু ধ্যানৰ সময়ত ধূনা ব্যৱহাৰ কৰা হয়।

সাধাৰণতে প্ৰাকৃতিক আৰু কৃত্ৰিম, দুই ধৰণৰ ধূনা পোৱা যায় । শেহতীয়াকৈ, বজাৰত ভেনিলা, চকলেট এছেঞ্চ ধূনাও বিক্ৰী কৰা হৈছে। অৱশ্যে, কেৱল ধৰ্ম্মীয় কামতে নহয়, ধূনাৰ বহুতো স্বাস্থ্য উপকাৰিতাও আছে। জানি থওঁ আহক।

★ ছালৰ বহুতো সমস্যা নিৰাময় কৰাত সহায় কৰে

ধূনাত যথেষ্ট পৰিমাণে এষ্টিজেন্ট থাকে। যি কটা,ছিঙা উপৰিও আলচাৰ, একজিমা আৰু চ’ৰিয়েচিছ নিৰাময় কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও, ধূনাৰ গুৰি পেষ্টৰ আকাৰত ব্যৱহাৰ কৰিলে বলিৰেখা হ্ৰাস হয়। লগতে ছালৰ সংক্ৰমণ আৰু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

★ সামগ্ৰিক হজম উন্নত কৰাত সহায় কৰে

ধূনাৰ গোন্ধে হজম উন্নত কৰাত সহায় কৰে আৰু ইয়াৰ কাৰ্মিনেটিভ গুণাগুণে পেট ফুলা উপশম কৰে। কেৱল সেয়াই নহয়, ধোঁৱাৰ গোন্ধে পাকস্থলীৰ পেশীবোৰ শিথিল কৰে, যাৰ ফলত ভোক বৃদ্ধি হয়।

★ শ্বাস-প্ৰশ্বাসৰ সমস্যা নিৰাময় কৰে

শিশুসকলক চৰ্দি আৰু কাহৰ লক্ষণৰ পৰা সুৰক্ষিত কৰিবলৈ, গা ধোৱাৰ পাছত ঘৰত ধূনা জ্বলোৱাৰ অভ্যাস থাকে। ইয়াৰ উপৰিও, নাক পৰিষ্কাৰ কৰিবলৈ, হাঁওফাঁও ভাল ৰাখিবলৈ আৰু হাপানি আৰু ব্ৰংকাইটিছৰ বিষ উপশম কৰিবলৈ ধূনাৰ ধোঁৱাও ব্যৱহাৰ কৰা হয়।

★ বিষ আৰু জ্বলা-পোৰাৰ পৰা সকাহ দিয়ে

ধূনাৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ আছে যি সৰু আই, গাউট, আৰ্থ্ৰাইটিছ আৰু বাতৰ বিষৰ আৰু জ্বলা-পোৰা প্ৰশমিত কৰে। ইয়াৰ উপৰিও, ইয়াৰ গোন্ধে ডিঙিৰ সংক্ৰমণৰ চিকিৎসাত সহায় কৰে।লগতে পেশীৰ বিষ আৰু চেপচিছ নিৰাময় কৰে।

★ আভ্যন্তৰীণ অঙ্গবোৰৰ কাৰ্যপ্ৰণালী উন্নত কৰে

ধূনাৰ গোন্ধে পাচন এনজাইম উদ্দীপিত কৰাত সহায় কৰে, ইনচুলিন হৰমন নিঃসৰণ কৰে আৰু ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে। ইয়াৰ গোন্ধে তেজৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে।

Exit mobile version