দেশত এশ শতাংশ পৰ্যন্ত বৃদ্ধি জালনোট

z2akpokh1hkhzyjl 1622452660

জালনোট ধ্বংস কৰাৰ লগতে ক’লা ধন নিৰ্মূলৰ উদ্দেশ্যে বিগত ২০১৬ৰ আঠ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণ ঘোষণা কৰিছিল । ইয়াৰ জৰিয়তে সেই সময়ত প্ৰচলিত পাঁচশ আৰু এহেজাৰটকীয়া নোট নিষিদ্ধ কৰা হৈছিল । তাৰ পৰিৱৰ্তে নতুন পাঁচশটকীয়া আৰু এহেজাৰৰ ঠাইত দুহেজাৰটকীয়া নতুন নোট ভাৰতীয় ৰিজাৰ্ভ বেংকে ছপা কৰি বজাৰত উলিয়াই দিছিল; কিন্তু ৰিজাৰ্ভ বেংকৰ শেহতীয়াকৈ প্ৰকাশিত ২০২১-২২ৰ বাৰ্ষিক প্ৰতিবেদনত পোহৰলৈ আহিছে যে বিমুদ্ৰাকৰণৰ পাছত দেশত জালনোটৰ প্ৰচলন এশ শতাংশৰো অধিক বৃদ্ধিহে হৈছে । প্ৰতিটো মূল্যৰ জালনোট বজাৰত ভৰি পৰিছে ।

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি পাঁচশটকীয়া জালনোটৰ হাৰ ১০১.৯ শতাংশ আৰু দুহেজাৰ টকীয়াৰ ৫৪.৬ শতাংশলৈ বৃদ্ধি হৈছে । একেদৰে ১০, ২০ আৰু দুশটকীয়া নোটৰো জালনোট বজাৰত উভৈনদী হৈছে । পূৰ্বৰ বৰ্ষবোৰৰ তুলনাত ২০২১-২২ত জালনোটৰ পয়োভৰ অধিক হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । তাত উল্লেখ কৰা হৈছে যে ২০২১-২২ত ভাৰতত ২,৩০,৯৭১খন জালনোট ধৰা পৰে ।

এই সময়ছোৱাত ধৰা পৰা দুহেজাৰ টকীয়া জালনোটৰ সংখ্যা হ’ল ১৩,৬০৪খন । ২০২০-২১ত ধৰা পৰা এশটকীয়া জালনোটৰ সংখ্যা আছিল ১,১০,৭৩৬খন । ২০২০-২১ত ধৰা পৰা পাঁচশটকীয়া জালনোটৰ সংখ্যা ৩৯,৪৫৩খন । ইয়াৰ বিপৰীতে ২০২১-২২ত সেই সংখ্যা ৭৯,৬৬৯খনলৈ বৃদ্ধি হয় ।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পূৰ্বৰ বৰ্ষৰ তুলনাত ২০২১-২২ত ১০ টকীয়া জালনোটৰ হাৰ ১৬.৪ শতাংশ, ২০ টকীয়া জালনোটৰ হাৰ ১৬.৫ শতাংশ, দুশটকীয়া জালনোটৰ হাৰ ১১.৭ শতাংশ আৰু দুহেজাৰটকীয়া জালনোটৰ হাৰ ৫৪.৬ শতাংশলৈ বৃদ্ধি হৈছে । এই সকলোৰে ওপৰত পাঁচশটকীয়া জালনোটৰ প্ৰচলন ১০১.৯ শতাংশলৈ বৃদ্ধি হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । ২০২১-২২ত মুঠ জাল ভাৰতীয় নোটৰ ৰিজাৰ্ভ বেংকত ৬.৯ শতাংশ চিনাক্ত কৰা হয় । ইয়াৰ বিপৰীতে অন্যান্য বেংকত জালনোট চিনাক্তকৰণৰ হাৰ ৯৩.১ শতাংশ ।

ৰিজাৰ্ভ বেংকৰ এই প্ৰতিবেদন প্রকাশৰ পাছতে বিৰোধী দলবোৰে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে । নিখিল ভাৰত কংগ্ৰেছ কমিটী (এ আই চি চি)ৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে এক টুইটত এয়া বিমুদ্ৰাকৰণৰ চৰকাৰৰ দুৰ্ভাগ্যজনক সফলতা বুলি কটাক্ষ কৰে । এই আই চি চিৰ মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই আনহাতে কয়, ‘ডুবিবলৈ ধৰা ভাৰতীয় অৰ্থনীতি আৰু নকল নোট ! পাঁচশটকীয়া জালনোট ১০১.৯ শতাংশ আৰু দুশ টকীয়া জালনোট ৫৪.১৬ শতাংশ বাঢ়িছে । বেংকত জমা হৈ থকা এই দুবিধ নোটৰ মাজত ৮৭.১ শতাংশ‌ই নকল । বিমুদ্ৰাকৰণেৰে যে সাধাৰণ মানুহক ধ্বংস কৰা হৈছিল এয়া প্ৰমাণ হৈ গৈছে ।’

তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰায়েনে কটাক্ষপূৰ্ণভাৱে প্ৰধানমন্ত্ৰী মোদীক নমস্কাৰ জনাই কয় যে বিমুদ্ৰাকৰণৰ ফলত জালনোটৰ পৰিমাণ হ্ৰাস হ’ব বুলি কৰা ঘোষণা সকলোৰে মনত আছে । অথচ বাস্তৱত কি হৈছে সেয়া ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত প্ৰমাণ হৈছে । শিৱ সেনাৰ সাংসদ প্ৰিয়ংকি চতুৰ্বেদীয়ে মন্তব্য কৰে যে বিমুদ্ৰাকৰণৰ অন্যতম এটা লাভ অৱশেষত পোহৰলৈ আহিছে ।

২০১৬ত বিমুদ্ৰাকৰণ ঘোষণাৰ পূৰ্বে বজাৰত প্ৰচলন থকা নগদ ধনৰ পৰিমাণ আছিল ১৮ লাখ কোটি টকাৰ ওচৰা-ওচৰি । বৰ্তমান সেই পৰিমাণ প্ৰায় ৩১ লাখ কোটি । ইয়াক লৈয়ো বিৰোধী দলবোৰে চৰকাৰক সমালোচনা কৰিছে । বজাৰত প্ৰচলিত নগদ ধনৰ পৰিমাণে ডিজিটেল লেনদেন ব্যৱস্থাও ব্যৰ্থ হোৱা বুলি সমালোচনাত মুখৰ হৈছে বিৰোধী দলসমূহ ।

Exit mobile version