পুনৰ চাৰি বেংকৰ বেচৰকাৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ, বিক্ৰী কৰিব বৃহৎ শ্বেয়াৰ

central k0UC

ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (বি পি চি এল)ৰ বেচৰকাৰীকৰণ প্ৰক্ৰিয়া ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে । বি পি চি এলৰ লগতে কেন্দ্ৰীয় চৰকাৰে দেশৰ চাৰিটা ৰাষ্ট্ৰীয়কৃত বেচৰকাৰীকৰণৰ সিদ্ধান্ত লৈছে । অৱশ্যে এতিয়াও কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে বেচৰকাৰীকৰণৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰা নাই ।

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে পূৰ্বে ৰাষ্ট্ৰীয়কৃত বেংকত ব্যক্তিগত বিনিয়োগৰ পথ প্ৰশস্ত কৰিবলৈ বেংকিং নিয়ন্ত্ৰণ আইন সংশোধন কৰিছিল । প্ৰকাশিত বাতৰি অনুসৰি সংসদৰ আগন্তুক বৰ্ষাকালীন অধিবেশনতে এখন বিধেয়ক গৃহীত কৰিব বিচাৰিছে কেন্দ্ৰৰ চৰকাৰে ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা বছৰত কৈছিল কেন্দ্ৰ‌ই কিছুমান ৰাষ্ট্ৰীয়কৃত বেংকৰ বেচৰকাৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে । শেহতীয়া খবৰ অনুসৰি দেশৰ চাৰিটা মধ্যমীয়া পৰ্যায়ৰ বেংকৰ বেচৰকাৰীকৰণ কৰিব বিচাৰিছে মোদী চৰকাৰে ।

বেচৰকাৰীকৰণ কৰিবৰ বাবে প্ৰাথমিক তালিকাত স্থান লাভ কৰা বেংককেইটা হৈছে বেংক অৱ মহাৰাষ্ট্ৰ, বেংক অৱ ইণ্ডিয়া, ইণ্ডিয়ান অভাৰচীজ বেংক আৰু চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া । অৱশ্যে নীতি আয়োগে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি ইণ্ডিয়ান অভাৰচীজ বেংক আৰু চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ সৰহসংখ্যক শ্বেয়াৰ বিক্ৰী কৰা হ’ব । মোদী চৰকাৰে নীতি আয়োগৰ এই প্ৰস্তাৱ স্বীকাৰ কৰিব পাৰে ।

Exit mobile version