বৃদ্ধি পাইছে আবন্টন, ৰেকৰ্ড শস্য উৎপাদন ! মোদী চৰকাৰৰ আঠ বছৰত কৃষি খণ্ডত কি পৰিৱৰ্তন হৈছে ?

Narendra Modi 1 16538918713x2 1

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা আঠ বছৰত কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে কৃষকসকলৰ উন্নতিৰ বাবে কেবাটাও ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে৷ মন্ত্ৰালয়ে বিভিন্ন প্ৰকল্প লৈ উদ্ভাৱনী মূলক ধাৰণাও আগবঢ়াইছে৷

বৰ্তমান, ৰাজসাহায্য সম্পূৰ্ণ স্বচ্ছতাৰে কৃষকসকলৰ বেংক একাউণ্টত উপনীত হৈছে৷ কৃষকসকলৰ উপাৰ্জন বৃদ্ধি পাইছে, তেওঁলোকে কৃষিক ব্যৱসায় হিচাপে বাছনি কৰিছে৷ কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ মুখ্য উদ্দেশ্য হ’ল কৃষকসকলে যাতে স্বেচ্ছাই কৃষিক ব্যৱসায় হিচাপে বাছি লয় ,সেইটো নিশ্চিত কৰা ।

বিগত আঠ বছৰত কৃষিৰ বাবে বাজেট আৱণ্টন যথেষ্ট বৃদ্ধি পাইছে৷ মোদী চৰকাৰেও বিভিন্ন কৃষি-অনুকূল নীতি গ্ৰহণ কৰিছে৷ চলিত বিত্তীয় বৰ্ষত কৃষিৰ বাবে আৱণ্টন ১.৩২ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ বাজেট আৱণ্টনৰ এই বৃদ্ধিয়ে কৃষকসকলৰ সামাজিক বিকাশত চৰকাৰ কিমান সক্ৰিয় তাৰ প্ৰমাণ ৷ যোৱা আঠ বছৰত কৃষিৰ বাবে আৱণ্টন প্ৰায় আঠগুণ বৃদ্ধি পাইছে ৷

কেৱল বাজেট আৱণ্টন বৃদ্ধিয়েই নহয়, খাদ্যশস্য আৰু শস্যৰ অভিলেখ উৎপাদনেও প্ৰমাণ কৰে যে ভাৰতৰ কৃষি খণ্ড সঠিক দিশত আগবাঢ়িছে৷ ২০২১-২২ বৰ্ষৰ পূৰ্বানুমান অনুসৰি খাদ্যশস্যৰ উৎপাদন ৩১৫ মিলিয়ন টনলৈ বৃদ্ধি হ’ব৷ আনহাতে, ফল আৰু পাচলি শস্যৰ উৎপাদন ৩৩৪ মিলিয়ন টন হোৱাৰ সম্ভাৱনা আছে, যি হৈছে সৰ্বকালৰ অভিলেখ ৷

ফলত, কৰ’না মহামাৰীৰ মাজতো বিভিন্ন দেশক সহজে খাদ্যশস্য যোগান ধৰিছে৷ আনকি ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তো ভাৰতে খাদ্যশস্য যোগান ধৰি বিভিন্ন দেশক সহায় কৰিছে ৷

এফালে, ভাৰতত খাদ্যশস্যৰ উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে কৃষিজাত সামগ্ৰীৰ ৰপ্তানিও যথেষ্ট বৃদ্ধি হৈ প্ৰায় চাৰি লাখ কোটি টকা হৈছে।

ইয়াৰ উপৰিও কৃষকসকলৰ প্ৰতি লক্ষ্য ৰাখি খৰিফ, ৰবি আৰু অন্যান্য বাণিজ্যিক শস্যৰ সমৰ্থন মূল্যও নিৰন্তৰ বৃদ্ধি কৰা হৈছে৷ ২০১৩-১৪ বৰ্ষত ধানৰ সমৰ্থন মূল্য আছিল প্ৰতি কুইন্টালত ১৩১০ টকা৷ বৰ্তমান ই ১৯৪০ টকালৈ বৃদ্ধি পাইছে৷ ২০১৩-১৪ বৰ্ষত ঘেঁহুৰ সমৰ্থন মূল্য আছিল ১৪০০ টকা প্ৰতি কুইন্টাল, যাৰ পৰিমাণ ২০১৫ টকালৈ বৃদ্ধি হৈছে ৷

প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ অধীনত এতিয়ালৈকে ১১.৫০ কোটি কৃষকে ১.৮২ লাখ কোটি টকা লাভ কৰিছে৷ ই কেন্দ্ৰীয় চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ আঁচনি৷ এই আঁচনিখন কৃষকৰ উপৰিও কৃষকসকলৰ প্ৰতি চৰকাৰৰ আনুগত্যৰ প্ৰমাণ ৷

ইয়াৰ উপৰিও, কৃষকসকলক চয়েল হেলথ কাৰ্ড প্ৰদান কৰা হৈছে, যাৰ সহায়ত কৃষকসকলে শস্যৰ উৎপাদন কেনেদৰে বৃদ্ধি কৰিব লাগে জানিব পাৰে ।

এই বছৰৰ বাজেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনা অনুসৰি প্ৰাকৃতিক কৃষি ৰ উদ্যোগৰ বিষয়েও কোৱা হৈছে৷ গঙ্গাৰ পাৰত পাঁচ কিলোমিটাৰ অঞ্চলত উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগত প্ৰাকৃতিক কৃষি কাৰ্য আৰম্ভ হ’ব ৷

Exit mobile version