COVID-19 : ক’ভিড আপডেট

1008151 969981 rt pcr test ians

বিগত ২৪ ঘণ্টাত ভাৰতত ২,৭০৬ জন কৰ’না আক্রান্ত হৈছে । ২৪ মে’ৰ পাছত বিগত এসপ্তাহ ধৰি দৈনিক সংক্রমণ তিনি হেজাৰৰ ভিতৰতে আছে । জানুৱাৰী আৰু ফেব্রুৱাৰীত কৰ’না স্ফীতিৰ পাছত মে’ৰ প্রথম সপ্তাহত তিনিহেজাৰ অতিক্ৰম কৰিছিল দৈনিক আক্রান্তৰ সংখ্যা । বিগত দুসপ্তাহত সংক্রমণ কিছু কমিলেও যোৱা শনি আৰু দেওবাৰৰ কেন্দ্রীয় কৰ’না পৰিসংখ্যা অনুযায়ী দৈনিক সংক্রমণ হঠাৎ বৃদ্ধি পাইছে ।

আনহাতে, বিগত তিনিদিনত কৰ’নাৰ পৰা সুস্থতাৰ হাৰ কিছু কমাত দেশত মুঠ কৰ’না ৰোগীৰ সংখ্যাও বাঢ়িছে । সোমবাৰে পুৱা আঠ বজা পর্যন্ত দিয়া কেন্দ্রীয় পৰিসংখ্যা অনুযায়ী দেশত সম্প্ৰতি ১৭ হেজাৰ ৬৯৮ জন কৰ’না ৰোগী আছে । সংখ্যাটো শনিবাৰেও আছিল ১৬ হেজাৰৰ সামান্য অধিক । বিগত এদিনত দেশত ২০৭০ জন ৰোগী কৰ’নামুক্ত হৈছে ।

দৈনিক কৰ’না সংক্রমণৰ হাৰো বাঢ়িছে ভাৰতত । দেওবাৰে দেশত দুই লাখ ৭৮ হেজাৰ ২৬৭ জনৰ কৰ’না পৰীক্ষা কৰা হৈছিল । ইয়াৰ ভিতৰত ০.৯৭ শতাংশৰ ৰিপ’র্ট পজিটিভ আহিছে । বিগত এসপ্তাহত এই হাৰ আছিল ৪০-৬০ শতাংশৰ ভিতৰত ।

কেন্দ্রৰ হিচাপত বিগত ২৪ ঘণ্টাত দেশত কৰ’নাত মৃত্যু হৈছে ২৫ জনৰ । অৱশ্যে ইয়াৰ ভিতৰত কেৰালাৰ আগৰ অনথিভুক্ত ২৩ জনৰ মৃত্যু সংখ্যা ধৰা হৈছে ।

Exit mobile version