Inspirational Story : নিশা কাম দিনত কলেজ, ঘৰে ঘৰে খাদ্য দিও অভিযন্তা হোৱাৰ স্বপ্নপূৰণ যুৱকৰ

1653822333 new project 2022 05 29t163402 270

কষ্ট কৰিলে যে ফল পাব‌ই, সেয়া আৰু এবাৰ প্রমাণ কৰিলে অন্ধ্রপ্রদেশৰ এজন যুৱকে । ফুড ডেলিভাৰী সহায়ক হিচাপে কাম কৰি কৰিয়েই উত্তীৰ্ণ হ’ল ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙত । যুৱকৰ নাম শেখ আব্দুল সত্তাৰ । নিজেই এটা কর্মক্ষেত্র সংক্রান্ত ৱেছাইইটত নিজৰ জীৱনযুদ্ধৰ কথা লিখিছে ।

কর্মক্ষেত্র সংক্রান্ত ৱেবছাইটত নিজৰ জীৱনপঞ্জিত আব্দুলে লিখিছে, কেৱল ফুড ডেলিভাৰী সংস্থাতেই নহয়, অন্য সংস্থানৰ বাবে বেংগালুৰুত একাধিক এপ্-কেব সংস্থাৰ হৈ তেওঁ গাড়ীও চলাইছিল । সন্ধিয়া ছয় বজাৰ পৰা আৰম্ভ কৰি গোটেই ৰাতি কাম কৰে । তাৰ পাছত পুৱা কোনো মতে নাকে-মুখে গুঁজি বেংগালুৰুৰ এখনত কলেজত পঢ়িবলৈ যায় । আব্দুলৰ পিতৃ এজন ঠিকাকর্মী । সেয়ে ঘৰ আৰু নিজৰ পঢ়া-শোনাৰ খৰচ চলাবলৈ তেওঁৰ অন্য কোনো উপায় নাছিল বুলিয়ে তেওঁ জনাইছে ।

আব্দুলে লিখিছে, ‘প্ৰথমতে লাজ লাগিছিল । কিন্তু ঘৰে ঘৰে খাদ্য দিয়ো বহু কথা শিকিছো ম‌ই ।’ তেওঁৰ দাবী, এই কামৰ জৰিয়তেই তেওঁৰ কথোপকথনৰ শৈলী উন্নত হৈছে ‌। তেওঁৰ যুঁজ বিফলে যোৱা নাই । কষ্ট আৰু শ্রমেৰে অৱশেষত এটা বেচৰকাৰী তথ্যপ্রযুক্তি সংস্থাত চাকৰি লাভ কৰিলে আব্দুলে । কিন্তু ইমান পৰিশ্রমৰ পাছত পোৱা চাকৰি, কি কৰিব বেতনৰ টকাৰে ? আব্দুলৰ সহজ উত্তৰ, ‘মা-দেউতাৰ যিমান ঋণ আছে, আগতে সেইবোৰ পৰিশোধ কৰিম ।’

Exit mobile version