Iraq : ভাইৰেল জ্বৰত উদ্বিগ্ন ইৰাক

long fever last c4050ac71294ca6c x jWqf8KQMaHROOX6ZVLmg 1200x675 1

নাকেৰে ৰক্তপাত । লগতে জ্বৰ, বমি । মৃত্যু‌ পর্যন্ত হ’ব পাৰে । ইৰাকৰ গ্রামাঞ্চলত বিয়পিছে ভাইৰাছজনিত মকৰাবাহিত ৰোগ । বিশ্ব স্বাস্থ্য সংস্থাৰ (হু) তথ্য অনুযায়ী, চলিত বৰ্ষত এই পর্যন্ত সংক্রমিত ১১১ জন । মৃতৰ সংখ্যা ১৯ । অধিকাংশই পশুপালন বা অনুসাৰী জীৱিকাত জড়িত দক্ষিণ ইৰাকৰ দৰিদ্রসকল ।

ৰোগটোৰ নাম ক্রিমিয়ান-কংগো হেমাৰেজিক ফিভাৰ । প্রাদুর্ভাৱ দেখা যায় সম্পূৰ্ণ আফ্রিকা, বালকান অঞ্চল, মধ্যপ্রাচ্য আৰু এছিয়াৰ নানা অঞ্চলত । মৃত্যুৰ হাৰ ১০ৰ পৰা ৪০ শতাংশ । প্রতিষেধক নাই । মূলত এক প্ৰকাৰৰ মকৰাৰ কামোৰত গোধন বা বন্য পশু আৰু মানুহৰ মাজত সংক্ৰমিত হয় । হত্যাৰ সময়ত বা আক্রান্ত পশুৰ কোষৰ পৰা মানুহৰ শৰীৰত ভাইৰাছ সংক্ৰমিত হ’ব পাৰে । মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হ’ব পাৰে তেজ বা শ্লেষ্মাৰ মাধ্যমত ।

ইৰাকত পিপিই পৰিধান কৰি স্বাস্থ্যকর্মীসকলে জীৱাণুনাশক ছটিয়াইছে গোধনৰ শৰীৰত । ঈদৰ আগতে লক্ষ্য ৰখা হৈছে কচাইখানাবোৰত । সুৰক্ষিত থাকিবলৈ নিয়মিত হাত ধোৱা আৰু চৰ্দি-কাহৰ সময়ত নাক-মুখ ঢকাৰ দৰে স্বাস্থ্যবিধি মানি চলিবলৈ কোৱা হৈছে ।

Exit mobile version