Monalisha Image Attacked : মনালিছাৰ মূল ছবিত কেক সানিলে এগৰাকী মহিলাই ! তাৰ পাছত ……

Monalisa 16539108813x2 1

লিওনাৰ্ডো দা ভিঞ্চিৰ অংকন কৰা বিখ্যাত মনালিছাৰ চিত্ৰত কেক লেপন কৰি এটা ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এগৰাকী মহিলাই  । ঘটনাটো ঘটিছে পেৰিছৰ সংগ্ৰহালয়ত , য’ত সংৰক্ষণ কৰা হৈছে মনালিছাৰ মূল ছবিখন ।

সোমবাৰে, এগৰাকী মহিলাই  সেই সংগ্ৰহালয়ত বৃদ্ধা সাজত হুইল চেয়াৰত প্ৰৱেশ কৰে । তাৰ পাছতে ঘটে এই ঘটনা । যদিও মনালিছাৰ ছবিখনত কাঁচৰ আৱৰণ থকাৰ বাবে মূল ছবিখনৰ কোনো ক্ষতি হোৱা নাই।

স্পেনিছৰ এটা সংবাদ মাধ্যমৰ মতে, এগৰাকী মহিলাই  এটা ডাঙৰ নকল চুলি পৰিধান কৰি সংগ্ৰহালয়ত প্ৰৱেশ কৰে। প্ৰথমতে, তেওঁৰ বিষয়ে কোনো সন্দেহ নাছিল কিয়নো তেওঁ এগৰাকী জ্যেষ্ঠ মহিলাৰ দৰে পোছাক পৰিধান কৰে।

কিন্তু মনালিছাৰ ছবিখনৰ ওচৰলৈ অহাৰ পাছত, তেওঁ হঠাতে ক্ষুব্ধ হৈ উঠিল আৰু ছবিখনৰ কাঁচ ভাঙিবলৈ চেষ্টা কৰে। কিন্তু সেই বুলেটপ্ৰুফ কাঁচখন তেওঁ ভাঙিব নোৱাৰিলে আৰু তাৰ পৰিৱৰ্তে তেওঁ মনালিছাৰ ছবিখনত কেক ঘঁহি দিলে।

লগে লগে সংগ্ৰহালয়ৰ নিৰাপত্তাৰক্ষীসকল ঘটনাস্থলীত উপস্থিত হয় আৰু মহিলাই গৰাকীক শান্ত কৰে। কিন্তু তৎক্ষণাত ফটোখনৰ চাৰিওফালে ভিৰ জমা হৈ যায়। কেক সনা মনালিছাৰ ফটোৰ ফটো তুলিবলৈ সেই ঠাইত সকলো আহি ভিৰ কৰে ।

এনে এটা ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ।ভিডিঅ’টোত দেখা গৈছে যে সংগ্ৰহালয়ৰ কৰ্মচাৰীসকলে সেই ছবিখনৰ পৰা কেকৰ আৱৰণ আঁতৰ কৰোৱাৰ কাম আৰম্ভ কৰিছে।

মনালিছা হৈছে শিল্পী লিওনাৰ্ডো দা ভিঞ্চিৰ এক কলা, যাক ইটালীৰ নৱজাগৰণৰ অন্যতম শ্ৰেষ্ঠ নিদৰ্শন বুলি গণ্য কৰা হয়। এইটো নৱজাগৰণৰ সময়ত আটাইতকৈ চৰ্চিত শিল্পকৰ্মসমূহৰ ভিতৰত এটা। এইটো পেৰিছ সংগ্ৰহালয়ৰ আটাইতকৈ ডাঙৰ কোঠাটোত প্ৰদৰ্শিত হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ মানুহে প্ৰকৃত ছবিখন চাবলৈ একত্ৰিত হয়।

অৱশ্যে, এই ফটোখনক আক্ৰমণ কৰা এইটোয়েই প্ৰথম ঘটনা নহয়। ১৯১১ চনত সংগ্ৰহালয়ৰ এজন কৰ্মচাৰীয়ে এই ছবিখন চুৰি কৰিছিল। পাছত ছবিখন উদ্ধাৰ কৰা হয়। ১৯৫৬ চনত এজন ব্যক্তিয়ে এই ছবিখনত এটা ডাঙৰ শিলৰ টুকুৰা দলিয়াইছিল। তাৰ পাছতে এটাৰ পাছত আনটো আক্ৰমণ হৈ আছে।

Exit mobile version