PM Cares Fund : ‘পিএম কেয়াৰ ফৰ চিলড্রেন স্কিম’ কি ? কোনে, কেনেদৰে পাব এই সুবিধা ?

1032102 modi 5

আজি, ৩০ মে’ত, মোদী চৰকাৰৰ অষ্টম বর্ষপূর্তি । সেই উপলক্ষ্যে একাধিক কাৰ্যসূচী হাতত লৈছে বিজেপি (BJP) চৰকাৰে । তাৰ ভিতৰত অন্যতম কৰ’নাত অনাথ হোৱা শিশুৰ বৃত্তি আৰু ‘পিএম কেয়াৰ ফৰ চিলড্রেন স্কিম’-ৰ (PM CARES for children scheme) মাধ্যমত তেওঁলোকৰ বাবে নতুন জলপানিৰ (Scholarship) ঘোষণা । বুধবাৰে টুইট কৰি এই বিশেষ ঘোষণা কৰা হয় ।

কি এই ‘পিএম কেয়াৰ ফৰ চিলড্রেন স্কিম’ ?

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Narendra Modi) সোমবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমত শিশুসকলৰ বাবে পিএম কেয়াৰ স্কিমৰ অধীনত সুবিধাবোৰৰ কথা ঘোষণা কৰিছে । স্কুলত যোৱা এনে শিশুসকলক তেওঁ জলপানি দিয়ে । ইয়াৰ উপৰি এই অনুষ্ঠানত ‘পিএম কেয়াৰ ফৰ চিলড্রেন’-ৰ এটাকৈ উত্তীৰ্ণ বহি আৰু ‘আয়ুষ্মান ভাৰত – প্রধানমন্ত্রী জন আৰোগ্য যোজনা’ৰ স্বাস্থ্যকার্ডো দাঙি ধৰা হয় ।

২০২১ৰ ২৯ মে’ত, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰে যে সমস্ত শিশুৱে কৰ’না অতিমাৰীৰ বাবে তেওঁলোকৰ পিতৃ আৰু মাতৃ, দুয়োজনকেই হেৰুৱাইছে, তেওঁলোক কেন্দ্র‌ই সহায় কৰিব । এই স্কিমৰ উদ্দেশ্য হ’ল কৰ’না অতিমাৰীত পিতৃ-মাতৃক হেৰুৱা শিশুসকলক সঠিক পদ্ধতিত সর্বাধিক যত্ন আৰু সুৰক্ষা নিশ্চিত কৰা, স্বাস্থ্য বীমাৰ মাধ্যমত তেওঁলোকৰ সুস্থতাৰ প্ৰতি লক্ষ্য ৰখা, শিক্ষাৰ মাধ্যমত তেওঁলোকক ক্ষমতাশালী কৰি তোলা আৰু তেওঁলোকৰ স্বয়ংসম্পূর্ণ অস্তিত্বৰ বাবে তৈয়াৰ কৰা । এই সমস্ত শিশুৱে ২৩ বছৰ বয়স পর্যন্ত তেওঁলোকে এই আর্থিক সহায়তা পাব ।

‘পিএম কেয়াৰ ফৰ চিলড্রেন স্কিম’এ অন্যান্য বিষয়ৰ লগতে শিশুসকলৰ শিক্ষা, স্বাস্থ্যৰ পৰিচৰ্যা নিশ্চিত কৰে । এই স্কিমৰ মাধ্যমত ১৮ বছৰ বয়সৰ পৰা মাহিলী বৃত্তি দিয়া আৰু ২৩ বছৰ বয়সত ১০ লাখ টকা পর্যন্ত দিয়া হ’ব ।

আৰু কি কি সুবিধা আছে এই স্কিমত ?

প্রধানমন্ত্রীয়ে জনাইছে এই স্কিমৰ অধীনত কোনোৱে যদি প্রফেছনেল ক’ৰ্ছ বা উচ্চশিক্ষাৰ বাবে এডুকেছন লোনো ল’ব বিচাৰে তেন্তে সেয়াও দিয়া হ’ব ‘পিএম কেয়াৰ্ছৰ পৰা । প্রত্যেক মাহে তেওঁলোকক চাৰি হেজাৰ টকাকৈ দিয়া হ’ব বুলি জনাইছে যাতে তেওঁলোকে দৈনন্দিন ব্যয় বহন কৰিব পাৰে ।

এই স্কিমৰ অধীনত যি স্বাস্থ্য কার্ড শিশুসকলক দিয়া হ’ব তাৰ দ্বাৰা পাঁচ লাখ টকা পর্যন্ত বিনামূলীয়া সেৱা পাব তেওঁলোকে ।

শিশুসকলৰ নাম নথিভুক্ত কৰিবৰ বাবে চৰকাৰে এটা অনলাইন প’র্টেল আৰম্ভ কৰিছে । প’র্টেলটো এটা একক-উইণ্ডো ছিষ্টেম যাৰ মাধ্যমত শিশুসকলৰ নাম অনুমোদন প্রক্রিয়া আৰু অন্যান্য সমস্ত কাম সহজে কৰিব পৰা যাব ।

Exit mobile version