Sidhu Moose Wala : পঞ্জাৱৰ গায়ক-নেতা মুছেৱালাক হত্যাৰ পৰিকল্পনা হৈছিল তিহাড়ত, কানাডাৰ যোগ থকাৰ সন্দেহ

ernarcn sidhu moose

দিল্লীৰ তিহাড় জেলতেই হৈছিল পঞ্জাৱৰ কংগ্রেছ নেতা তথা গায়ক শুভদীপ ওৰফে সিধু মুছেৱালাক হত্যাৰ পৰিকল্পনা ! সংবাদ সংস্থা এএনআই-য়ে জনাইছে, মুছেৱালাৰ হত্যাৰ ঘটনাৰ মূল চক্রান্তকাৰী, কানাডাবাসী গেংষ্টাৰ সতীন্দ্র সিং ওৰফে গোল্ডি ব্রাৰ তিহাড়ত বন্দী শ্বাহৰুখ নামে এক দুষ্কৃতীকাৰীৰ স’তে ফোনত যোগাযোগ কৰিছিল । এই বিষয়ত তদন্তকাৰী পঞ্জাৱ আৰক্ষীৰ দলে এটা ফোন নম্বৰসহ কিছু গুৰুত্বপূর্ণ সূত্র পাইছে বুলি এই খবৰত দাবী ।

গোল্ডিয়ে ইতিমধ্যে সামাজিক মাধ্যমত এটা প’ষ্টত হত্যা কৰাৰ অভিযোগ স্বীকাৰ কৰিছে বুলি এটা সূত্রত দাবী কৰা হৈছে (সেই প’ষ্টৰ সত্যতা পৰীক্ষা কৰা নাই দৈনিক অগ্ৰদূতে) । পঞ্জাৱ আৰক্ষীৰ দাবী, ভাৰতত গোল্ডিৰ অবৈধ ব্যৱসায় চলায় লৰেন্স বিষ্ণ‌ই নামে এজন দুষ্কৃতীকাৰীয়ে । তাৰেই সহযোগী শ্বাহৰুখ । মুছেৱালাৰ হত্যাৰ ঘটনাৰ কিছুদিন আগতে তেওঁক গ্রেপ্তাৰ কৰিছিল আৰক্ষীয়ে । গোল্ডিৰ স’তে যোগাযোগ কৰিবলৈ কাৰাগাৰৰ পৰাই মেছেজিং এপ্ ব্যৱহাৰ কৰিছিল শ্বাহৰুখে ।

দেওবাৰে পঞ্জাৱৰ মানসা জিলাত জৱাহৰক গাঁৱৰ ঘৰত উভতি যোৱাৰ পথত মুছেৱাৱালাৰ গাড়ী আৱৰি গুলি চলায় আক্ৰমণকাৰীসকলে । তেওঁৰ শৰীৰত আঠটা গুলি লাগে । ঘটনাস্থলতেই তেওঁৰ মৃত্যু হয় । শনিবাৰে পঞ্জাৱত ৪২৪ জনৰ নিৰাপত্তা প্রত্যাহাৰ কৰিছিল সেই ৰাজ্যৰ আম আদমি পার্টিৰ চৰকাৰে । তাৰ ভিতৰত আছিল এই কংগ্রেছ নেতাজনো ।

Exit mobile version