Tips to control Diabetes : ডায়েবেটিচ চিন্তা বাঢ়িছে ? ব্যৱহাৰ কৰক ডালচেনি

istockphoto 497454523 612x612 1

ৰন্ধনত ব্যৱহৃত সৰ্বশ্ৰেষ্ঠ পৰিচিত মচলাবোৰৰ ভিতৰত এটা হ’ল ডালচেনি। বিৰিয়ানী হওঁক বা নিৰামিষ আঞ্জায়ে হওঁক, ডালচেনি নপৰিলে যেন আধৰুৱা হয় ৰয় সোৱাদ । অৱশ্যে, ডালচেনিয়ে কেৱল সোৱাদ বা গোন্ধৰ বাবেই নহয়, বিভিন্ন ৰোগৰ প্ৰতিকাৰ হিচাপেও এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই মচলাটো কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, কোলিন আৰু লাইকোপেনৰ দৰে এণ্টি-অক্সিডেণ্টত সমৃদ্ধ।

জানেনে ডায়েবেটিচৰ প্ৰতিষেধক হিচাপে কাম কৰে ডালচেনিয়ে?

প্ৰকাৰ-২ ডায়বেটিচৰ ক্ষেত্ৰত, শৰীৰত ইনচুলিনৰ উৎপাদন হ্ৰাস হয়। মচলাটোৱে কোষবোৰক গ্লুকোজ গ্ৰহণ কৰিবলৈ উদ্দীপিত কৰে। ডালচেনি সেৱনে অগ্ন্যাশয়ত ইনচুলিন হৰমনৰ নিৰাশ বৃদ্ধি কৰে। এই হৰমনটোৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

ইয়াৰ উপৰিও, ডায়েবেটিক-প্ৰতিৰোধী যৌগৰ উপস্থিতি ডালচেনিত পোৱা গৈছে। যি ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাত পোনপটীয়াকৈ সহায় কৰে।

ডালচেনিৰ অধিক গুণাগুণ

কেৱল ডায়েবেটিচৰ সমস্যাৰ বাবেই নহয়, পেটৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰতো ডালচেনি গুৰুত্বপূৰ্ণ। ডায়েৰিয়াৰ স’তে মোকাবিলা কৰিবলৈ ডালচেনিও ব্যৱহাৰ কৰিব পাৰি।

আয়ুৰ্বেদত, দাঁতৰ বিষত বা গাঁঠিৰ বিষৰ ক্ষেত্ৰত প্ৰায়ে ডালচেনিৰ বাকলি ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হয়। ইয়াৰ বাহিৰেও, চৰ্দি আৰু কাহ থাকিলেও, ডালচেনি খালে সকাহ পাব পাৰি।

কোন কোন উপায়েৰে ডায়েটত ডালচেনি ৰাখিব পাৰি ?

(১) ডালচেনিৰ এটা ডাঙৰ টুকুৰা এগিলাচ পানীত ৰাতিটোৰ বাবে তিয়াই ৰাখক। পিছদিনা ৰাতিপুৱা, উঠি খালী পেটত ডালচেনি তিয়াই থোৱা পানী খাওক।

(২) ডালচেনিৰ স’তে চাহও বনাই খাব পাৰে। ডালচেনিত এটা মিঠা ভাব আছে। এই চাহ খোৱাটো বেয়া নহয়।

(৩) বহুলোকে পুৱাৰ আহাৰত ওটচ খায়। গাখীৰত ওটছ মিহলি কৰি খোৱাৰ সময়ত অকমান ডালচেনি পাউডাৰ খাব পাৰে। সোৱাদ বাঢ়িব লগতে স্বাস্থ্যও ভালে থাকিব।

Exit mobile version