UPSC Civil Service Final Result : কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল ঘোষিত, শীর্ষত শ্রুতি শর্মা

shruti 16539035823x2 1

কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC) প্ৰশাসনিক সেৱাৰ চূড়ান্ত ফলাফল ২০২১ ঘোষিত হৈছে । ইউপিএছচি-ৰ অফিচিয়েল ছাইট upsc.gov.in-ত গৈ অসামৰিক সেৱাৰ চূড়ান্ত ফলাফল চাব পাৰিব পৰীক্ষার্থীসকলে । এইবাৰ পৰীক্ষাত শীর্ষ স্থান লাভ কৰিছে শ্রুতি শর্মাই ।

পৰিসংখ্যা অনুযায়ী, চলিত বছৰত শ্ৰেষ্ঠ তিনিটা পদেই মহিলাই দখল কৰিছে । শ্রুতি চেন্ট ষ্টিফেন্স কলেজ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্রাক্তন ছাত্রী । তেওঁ জামিয়া মিলিয়া ইছলামিয়া আবাসিক কোচিং একাডেমিত ইউপিএছচি চিভিল ছার্ভিচ পৰীক্ষাৰ প্রস্তুতি চলাইছিল ।

UPSC Civil Service Final Result : প্ৰশাসনিক সেৱা পৰীক্ষা ২০২১ত শীৰ্ষ স্থান দখল কৰাসকল হৈছে

প্রথম স্থান – শ্রুতি শর্মা

দ্বিতীয় স্থান- অংকিতা আগৰৱাল

তৃতীয় স্থান – গামিনী ছিংগলা

চতুর্থ স্থান – ঐশ্বৰ্য ভার্মা

পঞ্চম স্থান – উত্তর্ক দ্বিবেদী

ষষ্ঠ স্থান – যক্ষ চৌধুৰী

সপ্তম স্থান – সম্যক এছ জৈন

অষ্টম স্থান – ইশিতা ৰাঠি

নৱম স্থান – প্রীতম কুমাৰ

দশম স্থান – হৰকিৰাত সিং ৰনধাৱা

অসমৰ শিল্পা খনিকৰে ৫০৬ স্থান আৰু দেবজ্যোতি বৰ্মনে ৬৩৯ স্থান দখল কৰি ইউপিএছচি-ত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে ।

UPSC Civil Service Final Result : কেতিয়া অনুষ্ঠিত হৈছিল পৰীক্ষা ?

ইউপিএছচি চিএছই প্রিলিমিনাৰী পৰীক্ষা যোৱা ১০ অক্টোবৰ, ২০২১ত অনুষ্ঠিত হৈছিল । পৰীক্ষাৰ ফলাফল ২৯ অক্টোবৰত প্রকাশিত হয় । ২০২০ৰ সাতৰ পৰা ১৬ জানুৱাৰী মেইন পৰীক্ষা অনুষ্ঠিত হৈছিল । ইয়াৰ ফলাফল ঘোষণা হৈছিল এক মার্চ, ২০২২ তাৰিখত । পৰীক্ষাৰ অন্তিম ৰাউণ্ডৰ সাক্ষাৎকাৰ আৰম্ভ হৈছিল পাঁচ এপ্রিলত । যি ২৬ মে’ত শেষ হৈছে । ইয়াৰ পাছতেই ফলাফল ঘোষণা কৰিলে UPSC-য়ে ।

UPSC Civil Service Final Result: ফলাফল ডাউনলোড কৰাৰ পদ্ধতি জানি ল‌ওক

ইউপিএছচিৰ অফিচিয়েল ৱেবছাইটত লগ ইন কৰক – upsc.gov.in
এইবাৰ হোমপেজত, ‘UPSC Civil Services Result 2021 – Final Result’ ক্লিক কৰক ।
নির্বাচিত প্রার্থীসকলক বিৱৰণসহ এটা পিডিএফ ফাইল দেখিবলৈ পাব ।
এইটো ডাউনলোড কৰক আৰু ভৱিষ্যতথ ৰেফাৰেন্সৰ বাবে ইয়ৰ এটা প্রিন্ট আউট লৈ ল‌ওক ।

Exit mobile version