West nile fever : দেশত এইবাৰ আক্ৰমণ ‘ৱেষ্ট নাইল ফিভাৰ’ৰ, কেৰালাত মৃত্যু এজনৰ

mosquito

কেৰালাৰ ত্ৰিচুৰ জিলাত ‘ৱেষ্ট নাইল ফিভাৰ’ত আক্ৰান্ত হৈ মৃত্যু এজন লোকৰ । মহবাহিত এই ৰোগৰ ফলত হোৱা মৃত্যুৰ পাছত সমগ্ৰ ৰাজ্যতে এক সতৰ্কবাণী জাৰি কৰা হৈছে।

বিগত তিনি বছৰৰ ভিতৰত ৰাজ্যখনত এইটো প্ৰথম বাৰৰ বাবে এজন ব্যক্তিৰ মহবাহিত ৰোগত মৃত্যু হৈছে।

স্বাস্থ্য বিভাগৰ মতে, মৃত ব্যক্তিজনৰ ১৭ মে’ত জ্বৰ আৰু অন্যান্য লক্ষণ দেখা দিছিল। যদিও তেওঁক কেবাখনো চিকিৎসালয়লৈ লৈ যোৱা হয়, চিকিৎসকসকলে নাজানিছিল যে তেওঁৰ স’তে প্ৰকৃততে কি ঘটিছে।

পাছত তেওঁক ত্ৰিচুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। তাতেই তেওঁৰ ‘ৱেষ্ট নাইল ফিভাৰ’ ধৰা পৰে।

মৃত্যুৰ পাছত স্বাস্থ্য বিভাগে ৰাজ্যজুৰি সতৰ্কবাণী জাৰি কৰিছে। স্বাস্থ্য বিভাগে মহৰ প্ৰজনন নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে কয়, “মহবাহিত ৰোগত এজন লোকৰ মৃত্যু হৈছে। মহ নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে যাতে সংক্ৰমণ আৰু বৃদ্ধি নহয়। ”

স্বাস্থ্য বিভাগে জাৰি কৰা এক জাননীত কোৱা হৈছে যে মৃতকৰ ৱাৰ্ডৰ চাৰিওফালৰ অঞ্চলত মহৰ প্ৰজনন নিয়ন্ত্ৰণ কৰিবলৈ স্বাস্থ্য কৰ্মীৰ এটা বিশেষ দলে কাম কৰি আছে।

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে। নলা আৰু জমা পানী পৰিষ্কাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে।

Exit mobile version