এটা পাৰ চৰাইৰ ওজন আঢ়ৈ কিলোগ্ৰাম ! ক’ত জানেনে ?

download 1 10

সাধাৰণতে এটা পাৰ চৰাইৰ ওজন কিমান হ’ব পাৰে? সচৰাচৰ এটা পাৰ চৰাইৰ ওজন ২০০-৩০০ কিলোগ্ৰামৰ ভিতৰত হয়। কিন্তু ইন্দোনেছিয়াত সন্ধান লাভ কৰা হ’ল এটা আঢ়ৈ কিলোগ্রাম ওজনৰ পাৰ চৰাইৰ।

ADVERTISEMENT

এই বিয়াগোম চেহেৰাৰ পাৰ চৰাইটো সম্প্ৰতি সামাজিক মাধ্যমত এক চৰ্চিত বিষয়ত পৰিণত হৈছে। হয়, ইন্দোনেছিয়াৰ এজন পক্ষী পালকৰ সংগ্ৰহত আছে এটা প্ৰকাণ্ড পাৰ চৰাই।

ইলম নামৰ ব্যক্তিজনে প্রকাশ কৰা মতে, তেওঁ বিভিন্ন পক্ষী পালন কৰি আহিছে আৰু বর্তমানে তেওঁৰ সংগ্ৰহত থকা এটা পাৰ চৰাইৰ ওজন হৈছে প্ৰায় আঢ়ৈ কিলোগ্রাম। এবছৰ পূর্বে ইলমে এই পাৰ চৰাইটো স্থানীয় পক্ষী বজাৰৰ পৰা ক্ৰয় কৰিছিল।

বজাৰত এটা বিৰল প্ৰজাতিৰ পাৰ চৰাই ইলমে প্রত্যক্ষ কৰিছিল আৰু তেওঁ পাৰটো ক্ৰয় কৰি নিজৰ পক্ষী ফার্মলৈ আনিছিল। তেতিয়াৰে পৰা পাৰটো ইলমৰ ফাৰ্ম হাউছত আছে।

ইলমে প্রকাশ কৰা মতে, ক্ৰয় কৰাৰ সময়ত পাৰটোৰ ওজন প্রায় এক কিলোগ্রাম আছিল আৰু বৰ্তমানে পাৰটোৰ ওজন হৈছে আঢ়ৈ কিলোগ্রাম। এই বৃহদাকাৰৰ পাৰটোৱে ইতিমধ্যে আন্তর্জাতিক খ্যাতি অর্জন কৰিছে।

পাৰটোক খাদ্য হিচাপে ইলমে দৈনিক যথেষ্ট পৰিমাণৰ চাউল, ধান ইত্যাদিৰ যোগান ধৰি আহিছে। ইলমে কয় যে পাৰ চৰাই সৰুৰে পৰা তেওঁৰ বৰ প্ৰিয় আৰু সেয়েহে তেওঁৰ পক্ষী সংগ্ৰহত কে’বাটাও পাৰ আছে।

বর্তমানে আঢ়ৈ কিলো ওজনৰ এই পাৰটোৱে সমগ্ৰ পক্ষীপ্রেমীৰে দৃষ্টি আকর্ষিত কৰিছে। ইলমে জনোৱা মতে, বহু ব্যক্তিয়ে তেওঁৰ পৰা পাৰ চৰাইটো ক্ৰয় কৰিব বিচাৰিছে যদিও তেওঁ বিক্ৰী কৰা নাই। ইলমৰ মতে, নিনজা নামৰ এই পাৰ চৰাইটোৱে তেওঁৰ এক পৰিচয় বহন কৰিছে।

Exit mobile version