গোমাতাক পৰিত্যাগ কৰিলেই কাৰাদণ্ড ! পশু সুৰক্ষাৰ বাবে নতুন আইন যোগী ৰাজ্যত ।

1644960944 16yogi 3c

এইবাৰ গোধন সুৰক্ষাৰ নতুন আইন উত্তৰ প্রদেশত (Uttar Pradesh) । গোমাতাক পৰিত্যাগ (Abandon Cows) কৰিলেই দাখিল হ’ব এফআইআৰ (FIR) । সোমবাৰে উত্তৰ প্রদেশ বিধানসভাত এই নতুন আইনৰ বিষয়ে ঘোষণা কৰে পশুপালন মন্ত্রী ধৰমপাল সিঙে (Dharampal Singh) । তেওঁ জনায়, গৰু পৰিত্যাগ কৰিলেই পশুৰ বিৰুদ্ধে নিষ্ঠুৰতা আইনত (Cruelty to Animals Act) গোচৰ দাখিল কৰা হ’ব অভিযুক্তসকলৰ বিৰুদ্ধে ।

আজি বিধানসভাত সমাজবাদী পার্টীৰ এজন বিধায়কে জনায়, গৃহহাৰা অসুস্থ গৰুৰ আক্রমণত ৰাজ্যত যিসকলৰ মৃত্যু হৈছে, তেওঁলোকক আর্থিক সাহায্য দিয়াৰ বিষয়ত কি ভাবিছে চৰকাৰে ? ইয়াৰ উত্তৰত পশুপালন মন্ত্রী ধৰমপালে জনায়, যিসকল কৃষকে ‘পৰিত্যক্ত’ গৰা ৰাস্তা-ঘাটত এৰি দিছে, তেওঁলোকৰ বিৰুদ্ধে এটা আইন প্রণয়ন কৰিছে যোগী চৰকাৰে । এই ক্ষেত্রত এফআইআৰ দাখিল কৰা হ’ব অভিযুক্তসকলৰ বিৰুদ্ধে । পশুৰ বিৰুদ্ধে নিষ্ঠুৰতা আইনত গোচৰ ৰুজু হ’ব ।

লগতে মন্ত্রীজনে জনায়, গৰুৰ প্রতি কচাই আৰু কৃষকসকলৰ মনোভাবৰ মাজত পাৰ্থক্য আছে । চৰকাৰে গুৰুত্ব সহকাৰে গোশালা তৈয়াৰৰ কথা ভাবিছে । তদুপৰি গোধশ সুৰক্ষাৰ বাবে এখন অভয়াৰণ্যৰ পৰিকল্পনা কৰিছে বুলিও জনায় ধৰমপালে । তেওঁ কয়, “ম‌ই এই বিষয়ত মুখ্যমন্ত্রীৰ স’তে আলোচনা কৰিছো । তেওঁ কৈছে, অন্য পশুৰ অভয়াৰণ্যত গৰু এৰিব নোৱাৰিব । কাৰণ গৰু আমাৰ মা ।”

মন্ত্রীজনে আৰু কয়, “গৰুৰ গাখীৰ, দৈ, ঘি, গোবৰ উত্তম বস্তু । গোবৰত মা লক্ষ্মী থাকে । গোমূত্রত মা গংগাৰ নিবাস । অন্য বন্যপ্রাণী আৰু পৰিত্যক্ত গৰুৰ মাজত পাৰ্থক্য আছে । গৰুৰ সুৰক্ষাৰ বিষয়ত চৰকাৰ অৱগত । এনেদৰে গৰুক গৃহহাৰা কৰি দিয়া মানি লোৱা নহ’ব । ‘পৰিত্যক্তি’ গোধনক ৰাস্তা-ঘাটত এৰি দিয়া গ্ৰহণযোগ্য নহ’ব ।”

প্রসংগত, বিগত বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ জনসভাৰ মৈদানত শতাধিক গৰু (Cow) এৰি দিছিল কৃষকসকলে । উত্তৰ প্রদেশৰ বাৰাবাঁকিত এই ঘটনা সংঘটিত হয় । অঞ্চলটোত গৃহহাৰা গৰুৰ দৌৰাত্ম্য কি হাৰত বাঢ়িছে সেয়া বুজাবলৈয়ে এই প্রতীকি প্রতিবাদ বুলি জনাইছিল । প্রশ্ন উত্থাপিত হৈছে, নতুন আইনৰ ফলত এই সমস্যাৰ সমাধান হ’ব নে ?

উত্তৰ প্রদেশৰ কংগ্রেছৰ মুখপাত্র সুৰেন্দ্র ৰাজপুতৰ অভিযোগ, গোধন সুৰক্ষাৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰা নাই বিজেপি চৰকাৰে । যদিও নিৰ্বাচনৰ সময়ত এই বিষয়ত প্রতিশ্রুতি দিছিল প্রধানমন্ত্রী মোদীয়ে । তেওঁ কয়, “সমস্যাৰ মূলত নগৈ যিসকলে পৰিত্যক্ত গৰু এৰি দিয়ে তেওঁলোকৰ বিৰুদ্ধে গোচৰ দাখিল কৰাৰ আইন জাৰি কৰা হ’ল ।”

Exit mobile version