মাদ্রাছা বন্ধৰ বিৰোধিতাৰে এইবাৰ অসম চৰকাৰৰ বিৰুদ্ধে গোচৰ উচ্চতম ন্যায়ালয়ত

madrasa 620

অসমত মাদ্রাছা শিক্ষা সম্পূৰ্ণ বন্ধ হ’ব নেকি, তাৰ বিচাৰ বিচাৰি এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল ৰাজ্যৰ মাদ্রাছা স্কুল । পূৰ্বে মাদ্রাছাবোৰক সাধাৰণ বিদ্যালয়ত পৰিৱৰ্তন কৰাৰ যি সিদ্ধান্ত অসম চৰকাৰে লৈছিল, সেয়া বাহাল ৰাখিছিল উচ্চ ন্যায়ালয়ে । উচ্চ ন্যায়ালয়ৰ সেই ৰায়কেই প্ৰত্যাহ্বান জনোৱা হৈছে শীৰ্ষ ন্যায়ালয়ত ।

শিক্ষা ধর্মনিৰপেক্ষ হোৱা উচিত — এই যুক্তিত ৰাজ্যৰ সমস্ত মাদ্রাছাক সাধাৰণ স্কুলত পৰিণত কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে । ২০২০ত এই সিদ্ধান্ত লোৱাৰ সময়ত অসম চৰকাৰে জনাইছিল, যিসমূহ বিদ্যালয়ত মাদ্রাছা শিক্ষা দিয়া হয় সেইবোৰৰ বহু খৰচ চৰকাৰে বহন কৰে । চৰকাৰে কোনো বিশেষ সম্প্রদায়ৰ বাবে পৃথককৈ সুবিধা কৰি দিবলৈ এই ব্যয় বহন নকৰে । ৰাজ্যৰ এই বক্তব্য আৰু সিদ্ধান্ত বাহাল ৰাখিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

মঙলবাৰে উচ্চ ন্যায়ালয়ৰ সেই ৰায় স্থগিত ৰখাৰ আবেদন জনাই উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল কৰিছে অসমৰ মাদ্রাছা স্কুলবোৰে ।

শীৰ্ষ ন্যায়ালয়ত আবেদনকাৰীসকলে জনাইছে, চৰকাৰৰ যুক্তি ভাৰতীয় সংবিধানৰ মাদ্রাছা সংক্রান্ত দুটা আইন বিৰোধী । আনকি সংবিধানৰ ২৮(১) ধাৰাৰো বিৰোধী । এই ধাৰাত কোৱা হৈছে, সম্পূর্ণ চৰকাৰী ব্যয়ত নচলা শিক্ষা প্রতিষ্ঠানবোৰৰ ওপৰত তেওঁলোকৰ কোনো ধর্মীয় নিয়ন্ত্রণ ছপোৱা নহ’ব ।

Exit mobile version