Corona : কৰ’নাৰ জৰুৰী বিভাগত ভৰ্তি বাঢ়িছে ! এমাহত ২৩১ শতাংশ বৃদ্ধি মুম্বাইত

1648103553 1644848831 covid

কৰ’নাক লৈ নতুন আতংকত ভুগিবলৈ আৰম্ভ কৰিছে মুম্বাই । যোৱা এমাহত, চিকিৎসালয়ত ভৰ্তি হোৱা কৰ’না ৰোগীৰ সংখ্যা হঠাতে বৃদ্ধি পাইছে। কিয় এই বৃদ্ধি, কোন ভৰ্তি হৈছে, তাৰ হিচাব কৰাৰ লগতে ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বাণিজ্যিক ৰাজধানীত এক নতুন তলাবন্ধৰ আৰম্ভ কৰাৰ কথাও ভাবিবলৈ আৰম্ভ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে ।

চিন্তাৰ কাৰণ হৈছে শেহতীয়া পৰিসংখ্যা। সেইটো সোমবাৰে মুম্বাইৰ ‘অভিভাৱক’ সংস্থা বৃহন্মুম্বাই পৌৰ নিগম বা বিএমচিৰ হাতলৈ আহে ।

তাতে দেখা গৈছে যে যোৱা এমাহত মুম্বাইৰ চিকিৎসালয়সমূহৰ জৰুৰীকালীন বিভাগত ভৰ্তি হোৱা কৰ’না ৰোগীৰ হাৰ হঠাতে বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে।

কেৱল সোমবাৰে, ২০ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ তিনিজনক অতিৰিক্ত অক্সিজেন দিব লগা হয়।

এপ্ৰিল আৰু মে’ মাহৰ তুলনাত, এই বৃদ্ধি হৈছে প্ৰায় ২৩১ শতাংশ। পৰিসংখ্যা অনুসৰি, এপ্ৰিলত ৬৫ জন ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মে’ মাহৰ সোমবাৰে লৈকে, ২১৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অৱশ্যে, বিএমচিয়ে জনাইছে যে চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰতি ১০ জন কৰ’না ৰোগীৰ ভিতৰত আঠজনৰ বয়স ৬০ বছৰ। আৰু তেওঁলোকৰ প্ৰত্যেকৰে কমেও দুটা কোমৰ্বিডিটি আছে।

কিন্তু তাত আশংকা হ্ৰাস হোৱা নাই । কিয়নো, যোৱা কেইসপ্তাহমানত, মহাৰাষ্ট্ৰত কৰ’না সংক্ৰমণৰ সংখ্যাও ক্ৰমান্বয়ে বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। মঙলবাৰে ৰাজ্যখনৰ দৈনিক সংক্ৰমণ ৪৩১।

যোৱা এমাহত এইটো প্ৰথম বাৰৰ বাবে যে মুম্বাইৰ দৈনিক সংক্ৰমণ ৪০০ অতিক্ৰম কৰিছে। ইয়াৰ বাহিৰেও, মুম্বাইত এতিয়া তিনি হেজাৰৰো অধিক কৰ’না ৰোগী আছে। যোৱা সপ্তাহত মহাৰাষ্ট্ৰৰ এজন কেবিনেট মন্ত্ৰী আছলাম শ্বেখে জনাইছে যে যদি মহাৰাষ্ট্ৰত দৈনিক সংক্ৰমণে হেজাৰ স্পৰ্শ কৰে তেন্তে ৰাজ্যখনত তলাবন্ধ ঘোষণা কৰা হ’ব।

পৰ্যবেক্ষকসকলে জনাইছে যে মুম্বাইৰ দৈনিক সংক্ৰমণ, যি যোৱা এসপ্তাহধৰি ৩০০-ৰ ওপৰত আছে, মঙলবাৰে ৪০০-ৰ সীমা অতিক্ৰম কৰিছে। যদি এতিয়া কৰ’নাৰ নিয়মবোৰ কঠোৰ নহয়, দৈনিক সংক্ৰমণে সোনকালেই হেজাৰৰ সীমা অতিক্ৰম কৰিব।

Exit mobile version