Monkeypox : পাকিস্তানত প্ৰথমজন মাংকি পক্স সংক্ৰমণ ! জাৰি সতৰ্কতা

Monkeypox 3 1 16537383563x2 1

ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত মাংকি পক্সৰ সংক্ৰমণ! যদিও পাকিস্তান চৰকাৰে সোমবাৰে দেশখনত মাংকি পক্স সংক্ৰমণৰ প্ৰতিবেদন খাৰিজ কৰি কৈছিল যে অনলাইনত এই বিষয়টোত এটা “ভুল” প্ৰতিবেদন প্ৰকাশিত হৈছে ।

ৰোগটো পৰীক্ষা কৰাৰ বাবে উচ্চ পৰ্যায়ৰ সতৰ্কবাণী জাৰি কৰাৰ পাছত, কিছুমান স্থানীয় প্ৰতিবেদনে জনাই যে দেশত এজন মাংকি পক্স সংক্ৰমণ ৰোগী ধৰা পৰিছে ।

ৰেডিঅ’ পাকিস্তানৰ প্ৰতিবেদন অনুসৰি, ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা মন্ত্ৰালয়ৰ এজন বিষয়াই জনাই যে বিশেষ নিৰ্দেশনা জাৰী কৰা হৈছে, যিকোনো সন্দেহজনক ঘটনাত উচ্চ সতৰ্কতা অৱলম্বন কৰিবলৈ সকলো ৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক স্বাস্থ্য কৰ্তৃপক্ষক নিৰ্দেশ দিছে।

এজন বিষয়াই জনাইছে যে পাকিস্তানত মাংকি পক্স সংক্ৰমণ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত তথ্য ভুল। এতিয়ালৈকে দেশত ভাইৰেল ৰোগৰ কোনো সংক্ৰমণৰ খবৰ পোৱা হোৱা নাই,” ছ’চিয়েল মিডিয়াৰ প্ৰতিবেদনৰ পাছত জনাইছে ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানটোৱে।

কিন্তু চৰকাৰে মাংকি পক্স সংক্ৰমণৰ স’তে মোকাবিলা কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। পাকিস্তানৰ স্বাস্থ্য মন্ত্ৰী আব্দুল কাদিৰ পেটেলে শেহতীয়াকৈ ঘোষণা কৰিছিল যে চৰকাৰে মাংকি পক্স নিৰ্ণয়ৰ বাবে বিশেষ পৰীক্ষাৰ কিট আমদানিৰ নিৰ্দেশ দিছে।

পাক স্বাস্থ্য মন্ত্ৰীয়ে কয় ,”আমি সংক্ৰমণ পৰীক্ষাৰ কিটৰ বাবে এটা নিৰ্দেশ দিছো আৰু সেইবোৰ সোনকালেই আমাৰ ওচৰলৈ আহিব পৰিব ,” । তেওঁ লগতে কয় যে দেশৰ সকলো প্ৰৱেশ পথৰ কৰ্মচাৰীকো সতৰ্ক কৰি দিয়া হৈছে, এতিয়ালৈকে দেশত কোনো সংক্ৰমণ হোৱা নাই বুলিও তেওঁ দাবী কৰে ।

মাংকি পক্স হৈছে এক ভাইৰেল সংক্ৰমণ যি জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হয়। এই ৰোগৰ লক্ষণবোৰ গুটিবসন্তৰ দৰে একে। যদিও মাংকি পক্স কম গুৰুতৰ।

Exit mobile version