Plane : বিমান চলোৱাৰ সময়ত আসনত বহিয়ে টোপনি ! তাৰ পাছত …

1653925116 airways

নিউয়ৰ্কৰ পৰা ৰোমলৈ যাত্ৰা কৰিছিল আইটিএ বিমানখন । অৱশ্যে,মধ্য আকাশত বিমানখনৰ পাইলটসকলৰ স’তে যোগাযোগ বিছিন্ন হয় ফ্ৰান্সৰ বায়ু নিয়ন্ত্ৰণ কক্ষৰ ।

দীৰ্ঘসময় ধৰি পাইলটসকলৰ পৰা কোনো সঁহাৰি নোপোৱাত, তেওঁলোকে নিশ্চিত হয় যে বিমানখন অপহৰণ কৰা হৈছে।

সুৰক্ষাৰ কাৰণে দুখন যুঁজাৰু বিমানও প্ৰেৰণ কৰা হয়। ইয়াৰ ঠিক ১০ মিনিটৰ পাছতে, পাইলটজনে সঁহাৰি জনাই।

পাইলটজনক সোধা পোছা কৰাত তেওঁ জনাইছে যে বিমানখন চলাই থাকোতে তেওঁ টোপনি গৈছিল । কেৱল সেয়াই নহয়, তেওঁৰ স’তে আন এজন পাইলটও আছিল।

তেওঁলোক দুয়ো একেলগে টোপনি যায়। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে, এয়াৰলাইনটোৱে দুয়োজন লোকক তেওঁলোকৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লয়।

Exit mobile version