Tattoos : পোছাক নহয়, টেটুৰে গা ঢাকিলে এই গৰাকী মহিলাই

1653985128 new project 2022 05 31t133205 187

কাপোৰ পিন্ধিবলৈ অনিচ্ছুক , সেয়েহে টেটু দিয়ে শৰীৰ ঢাকিলে ক্ৰেষ্টিন ট্ৰিষ্টানে । জাৰ্মানীৰ বাসিন্দা ক্ৰাষ্টিন এতিয়া এই টেটুৰ বাবে ছচিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছে।

পাঁচ বছৰ আগতে, তেওঁৰ মনত টেটু কৰাৰ চখ উদ্ভৱ হয়। লাহে লাহে, তেওঁ তেওঁৰ গোটেই শৰীৰটো টেটুৰে ঢাকি ৰাখে । এতিয়াও তেওঁৰ এই চখ পূৰণ হোৱা নাই। কিন্তু নতুন টেটুৰ বাবে আন কোনো ঠাই এতিয়াও বাকী আছে নে?

গোটেই শৰীৰত টেটু কৰিবলৈ পাঁচ বছৰত প্ৰায় ২৫,০০০ পাউণ্ড (ভাৰতীয় মুদ্ৰাত প্ৰায় ২৪ লাখ টকা) ব্যয় কৰিছিল মহিলাগৰাকীয়ে ।

শৰীৰৰ বিভিন্ন অংশৰ টেটুৰ ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি এতিয়া তেওঁ সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়। ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা প্ৰায় দুই লাখ।

ক্ৰেষ্টিনৰ গোটেই শৰীৰত ৰঙীন ফুল, পখিলা, চৰাই আছে । নেটিজেনসকলেও গোটেই শৰীৰত এনে দেখি হতবাক হৈছে । মহিলাগৰাকীয়ে এতিয়া কেৱল টেটুৰ কাৰণেই ইনষ্টাগ্ৰামৰ পৰা যথেষ্ট ভাল উপাৰ্জন কৰিছে।

টেটু সম্পন্ন কৰাৰ আগতে তেওঁ দেখিবলৈ কেনেকুৱা আছিল সেই ছবি তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ক্ৰেষ্টিনে জনাইছে যে টেটু কেৱল তেওঁৰ চখ নহয়, টেটু সম্পন্ন কৰাৰ পাছত তেওঁ নিজকে অধিক আত্মবিশ্বাসী অনুভৱ কৰে। তেওঁ আৰু অধিক টেটু কৰিব বিচাৰে, কিন্তু তেওঁৰ শৰীৰৰ কোনো অংশ এতিয়া খালী নাই।

Exit mobile version