জাৰ্মানীত ৪৯ বছৰৰ সৰ্বাধিক হ’ল মুদ্ৰাস্ফীতিৰ হাৰ

107062929 gettyimages 1240618904 AFP 329Y2YK

ইন্ধন আৰু খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত জাৰ্মানীত মুদ্ৰাস্ফীতিয়ে নতুন অভিলেখ ৰচিলে । সম্প্ৰতি জাৰ্মানীত মুদ্ৰাস্ফীতিৰ হাৰ বিগত ৪৯ বছৰৰ সৰ্বোচ্চ হৈছে ।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে জাৰ্মানীত তৈল সংকটৰ ফলত ১৯৭৩-৭৪ বৰ্ষত মুদ্ৰাস্ফীতিয়ে সৰ্বোচ্চ সীমাত আৰোহণ কৰিছিল । ঘেঁহুৰ যোগান হ্ৰাস আৰু গোলকীয় খাদ্য সংকটৰ আশংকাৰ মাজতে জাৰ্মানীত খাদ্য সামগ্ৰীৰ মূল্য ১১.১ শতাংশ বৃদ্ধি পাইছে । ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ মাজতে জাৰ্মানীত ইন্ধনৰ মূল্য ৩৮.৩ শতাংশ বৃদ্ধি পালে ।

উল্লেখ্য যে ক’ভিড-১৯ৰ আগমনৰ পাছৰে পৰা জাৰ্মানীত ধাৰাবাহিক মূল্যবৃদ্ধি অব্যাহত আছে । দেশখনত যোৱা এপ্ৰিলত আমদানি ব্যয় ৩১.৭ শতাংশ বৃদ্ধি পাইছিল । প্ৰাকৃতিক গেছৰ মূল্য বাৰ্ষিক আধাৰত ৩০০ শতাংশৰ অধিক হোৱাৰ লগতে খাৰুৱা তেলৰ মূল্য ৭৭.৫ শতাংশ বৃদ্ধি পাইছে ।

Exit mobile version