ৰাছিয়াৰ পৰা তেলৰ আমদানি দুই তৃতীয়াংশ কৰ্তনৰ সিদ্ধান্ত ই ইউৰ

JK4GQ7XLMBN5LDCRUCVMXXMYBA

ৰাছিয়া আৰু ইউক্রেইনৰ মাজত অব্যাহত থকা যুদ্ধৰ ৯৬ দিন অতিবাহিত হ’ল । ইয়াৰ মাজতে ইউৰোপীয় সংঘ (ই ইউ)ই ৰাছিয়াৰ পৰা তেলৰ আমদানি দুই তৃতীয়াংশ কৰ্তনৰ সিদ্ধান্ত ল’লে । ই ইউৰ সভাপতি চাৰ্লছ মিছেলে এই কথা প্ৰকাশ কৰি জনোৱা অনুসৰি ই ইউৰ সদস্যৰ ৰাষ্ট্ৰসমূহে ৰাছিয়াৰ পৰা তেলৰ আমদানি দুই তৃতীয়াংশ কৰাৰ প্ৰস্তাৱক অনুমোদন জনালে যে ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰাৰ কাৰণত দেশখনক এসেকা দিবলৈ ই ইউৰ সদস্যৰ ৰাষ্ট্ৰ‌ই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ই ইউৰ মতে, তেল ক্ৰয়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপৰ ফলত ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে অব্যাহত ৰখা যুদ্ধখন শীঘ্ৰে সমাপ্ত কৰিবলৈ বাধ্য হ’ব ।

ইফালে, ৰাছিয়াই নেদাৰলেণ্ডছলৈ গেছৰ যোগান বন্ধ ৰখাৰ সিদ্ধান্ত ল’লে । নেদাৰলেণ্ডৰ গেছতেৰা নামৰ গেছ প্ৰতিষ্ঠানটোৱে ৰাছিয়াৰ পৰা ক্ৰয় কৰা গেছৰ বিনিময়ত ৰুবলত মূল্য আদায় দিবলৈ অস্বীকাৰ কৰাত মস্কোৱে দেশখনলৈ গেছৰ ৰপ্তানি বন্ধ ৰাখিবলৈ সিদ্ধান্ত ল’লে ।

উল্লেখ্য যে নেদাৰলেণ্ডছে ইন্ধনৰ ক্ষেত্ৰত ৪৪ শতাংশ গেছত নিৰ্ভৰ কৰি আহিছে । অৱশ্যে নেডাৰলেণ্ডছে প্ৰয়োজনতকৈ ১৫ শতাংশ অধিক গেছ ৰাছিয়াৰ পৰা আমদানি কৰি আহিছে ।

Exit mobile version