Apple : আপেল কাটি ৰাখিলে ক’লা হৈ যায় ? কি কৰিলে এনে নহ’ব

applefruit a0000

আপেল এবিধ অত্যন্ত স্বাস্থ্যকৰ ফল । বহুতৰেই প্রিয় ফলৰ তালিকাত আছে আপেল । যিসকলে ফল খাই ভালপায়, তেওঁলোকে পুৱাৰ লঘু আহাৰত অন্যান্য খাদ্যৰ লগত কিছু ফলো ৰাখে । আনকি টিফিনতো অনেকে ঘৰৰ পৰা ফল কাটি লৈ যায় । অন্যান্য ফল ভাল থাকিলেও আপেল কাটি ৰাখিলে ক’লা হৈ যায় । তেতিয়খ খাবলৈ মন নোযোৱা হৈ যায় । অৱশ্যে কিছু উপায় জানিলে দীর্ঘ সময়লৈকে আপেল কাটি ৰাখিলেও ক’লা নহয় ।

১) আপেল কটাৰ আগতে এক কাপ পানীত এচামুচ নেমুৰ ৰস মিহলি কৰি পাঁচ মিনিট মানলৈকে ডুবাই ৰাখক । কটাৰ বহু সময় পাছত খালেও আপেলত ক’লা দাগ নপৰিব ।

২) কাটি ৰখা আপেলত যাতে ক’লো দাগ নপৰে তাৰ বাবে আগৰ পৰাই আপেলৰ টুকুবোৰ এক কাপ নিমখীয়া পানীত থৈ দিয়ক । অৱশ্যে বহু সময়ৰ বাবে নহয় । দুই-তিনি মিনিটৰ পাছত আপেলৰ টুকুৰাবোৰ অন্য এটা পাত্রত উঠাই থৈ দিয়ক ।

৩) ঠাণ্ডা পানীত দুচামুচ মৌ মিহলি কৰি তাত আপেলৰ টুকুৰাবোৰ ডুবাই ৰাখক । অলপ সময়ৰ পাছত উঠাই দিয়ক । এনে কৰিলে বহু সময় আপেল কাটি ৰাখিলেও ক’লা নহ’ব ।

Exit mobile version