COVID-19 : মুম্বাইত বৃদ্ধি ক’ভিড সংক্রমণ, ফেব্রুৱাৰীৰ পাছত চলিত বছৰত সর্বোচ্চ নতুন আক্রান্ত

istockphoto 1255767686 612x612 1

নতুনকৈ ক’ভিডৰ আক্রমণত মুম্বাই । বিগত ২৪ ঘণ্টাত বাণিজ্য নগৰীত ক’ভিডত আক্রান্ত হৈছে আৰু ৫০৬ জন । চলিত বছৰত ফেব্রুৱাৰীৰ পাছত যি সৰ্বাধিক । লগতে, মুম্বাইসহ সমগ্ৰ মহাৰাষ্ট্রত নতুন আক্রান্তৰ সংখ্যা ৭১১ ।

আসন্ন বাৰিষাৰ আগতে ক’ভিডৰ বৃদ্ধিত স্বাভাৱিকভাৱেই উদ্বিগ্ন বৃহন্মুম্বাই মিউনিচিপাল কর্প’ৰেছন (বিএমচি)ৰ কৰ্মকর্তাসকল । ক’ভিডৰ বিৰুদ্ধে মোকাবিলাত যুদ্ধকালীন তৎপৰতাত টিকা প্ৰদান প্রক্রিয়াত গতি বৃদ্ধি কৰিবলৈ নির্দেশ জাৰি কৰিছে বিএমচি-য়ে । বুধবাৰে সংবাদমাধ্যমত বিমএচি-য়ে জনাইছে, চহৰত ক’ভিডৰ দৈনিক সংক্রমণ হাৰ ছয় শতাংশ বাঢ়িছে । মহাৰাষ্ট্রৰ স্বাস্থ্য দপ্তৰৰ তথ্য অনুযায়ী, চলিত বছৰৰ ছয় ফেব্রুৱাৰীত ক’ভিডত আক্রান্তৰ সংখ্যা আছিল ৫৩৬ । অৱশ্যে বিগত ২৪ ঘণ্টাত পাঁচশৰ ঘৰ অতিক্ৰম কৰে ।

সংক্রমণ ৰোধ কৰিবলৈ ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ উদ্যোগী হৈছে বিএমচি । লগতে, মুম্বাইৰ হাস্পাতালবোৰক জৰুৰী ভিত্তিত প্রস্তুত থাকিবলৈও নির্দেশ দিছে বিএমচি কর্তৃপক্ষ‌ই । তেওঁলোকৰ শংকা, ‘‘বাৰিষা প্রায় আসন্ন । ইয়াৰ মাজতেই ক’ভিড ৰোগীৰ সংখ্যা অত্যন্ত বৃদ্ধি পাইছে । উপসর্গযুক্ত ৰোগীৰ সংখ্যা দ্রুত গতিত বাঢ়িব পাৰে ।’’

ক’ভিডৰ সংখ্যা কম কৰিবলৈ ১২-১৮ বছৰ বয়সৰসকলক টিকাদান কাৰ্যসূচীত গতি আনিব বিচাৰে বিএমচি-য়ে । লগতে, প্ৰাপ্তবয়স্কসকলক বুষ্টাৰ দিবৰ বাবে তৎপৰ হৈছে তেওঁলোক ।

Exit mobile version