COVID-19 : ক’ভিড আপডেট

Covid kerala 3

বিগত আঠ দিন ধৰি ভাৰতত ক’ভিডত সংক্রমিতৰ সংখ্যা দুহেজাৰৰ ওপৰতেই আছে । মঙলবাৰে দৈনিক আক্রান্তৰ সংখ্যা সামান্য কমিলেও বিগত ২৪ ঘণ্টাত পুনৰ তিনি হেজাৰৰ ওচৰা-ওচৰি হৈছে ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্তৰ সংখ্যা বাঢ়ি হ’ল ২,৭৪৫ । মঙলবাৰে এই সংখ্যা আছিল ২,৩৩৮ । ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা ছয় । ইয়াৰে কেৰালাৰ দুজন আৰু দিল্লী, মহাৰাষ্ট্র, কর্নাটক আৰু উত্তৰ প্রদেশত এজনকৈ মৃত্যু হৈছে ।

মঙলবাৰে দেশত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা আছিল ১৯ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৪ হেজাৰ ৬৩৬ ।

দেশত দৈনিক সংক্রমণৰ শীর্ষত কেৰালা । কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা সামান্য কমিছে । ২৪ ঘণ্টাত কেৰালাত দৈনিক সংক্রমিতৰ সংখ্যা ৭২৬ জন । ইয়াৰ পাছত আছে মহাৰাষ্ট্র (৭১১), দিল্লী (৩৭৩), আৰু কর্ণাটক (১৯৭) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ২,২৩৬ জন ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে । এই পর্যন্ত দেশজুৰি সুস্থ হৈছে চাৰি কোটি ২৬ লাখ ১৭ হেজাৰ ৮১০ জন । দেশত এই পর্যন্ত ১৯৩ কোটি ৫৭ লাখ ২০ হেজাৰ ৮০৭ টিকাকৰণ হৈছে ।

Exit mobile version