IndiGo : চেতনা ঘূৰি আহিল জৰিমনাত !

বিশেষভাৱে সক্ষম যাত্ৰীৰ বাবে বিমানবন্দৰতেই চিকিৎসকৰ পৰামর্শ ল'ব ইণ্ডিগ'ৱে

indigo airlines

প্রতিবন্ধী আৰু বিশেষভাৱে সক্ষম যাত্রীৰ সেৱাত তেওঁলোকৰ আদর্শ আচৰণবিধিত পৰিৱৰ্তন আনিছে ইণ্ডিগ’ৱে । এই কথা জনাইছে ইণ্ডিগ’ৰ চিইঅ’ ৰণজয় দত্ত‌ই । প্রতিবন্ধী আৰু বিশেষভাৱে সক্ষম যাত্রীসকলৰ সমস্যা হ’লে তেওঁলোকৰ সেৱাত বিমানবন্দৰতেই চিকিৎসকৰ পৰামর্শ লোৱা হ’ব বুলিও তেওঁ জনাইছে । পাঁচ লাখ টকা জৰিমনাৰ পাছতেই চেতনা ঘূৰি আহিল নেকি ইণ্ডিগ’ৰ ? প্রশ্ন উত্থাপিত হৈছে ।

ৰাঁচীৰ বিমানবন্দৰৰ পৰা এটি প্রতিবন্ধী শিশুক বিমানত উঠাত বাধা দিয়াত বিগত সপ্তাহত ইণ্ডিগ’ক পাঁচ লাখ টকা জৰিমনা বিহিছিল বিমান পৰিবহণ নিয়ন্ত্রক সংস্থা ডিৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েছেন (ডিজিচিএ) । সংবাদ সংস্থাৰ এটা সাক্ষাৎকাৰত ইণ্ডিগ’ৰ চিইঅ’ ৰণজয়ে জনাইছে, ডিজিচিএ-ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন নকৰে তেওঁলোকে ।

তেওঁ কয়, ‘‘মোক বহুতে প্রশ্ন কৰিছে, ‘আপুনি ডিচিচিএ-ৰ বিৰুদ্ধে আবেদন কৰিব নেকি ?’ অৱশ্যে তেনে নকৰো !’’ যদিও এই ঘটনা পৰ্যবেক্ষণ কৰি উন্নত কৰাৰ চেষ্টা কৰা হ’ব বুলি তেওঁ জনাইছে ।

সাত মে’ত ৰাঁচীৰ পৰা হায়দৰাবাদগামী বিমানত এজন প্রতিবন্ধী নাবালকক বিমানত উঠাত বাধা দিয়া হয় বুলি ইণ্ডিগ’ৰ বিৰুদ্ধে অভিযোগ । ইণ্ডিগ’ৰ দাবী, বিমানত উঠাৰ আগতেই ‘আতংকিত’ হোৱা নাবালকজনৰ বাবে বিমান চলাকালীন পৰিস্থিতি জটিল হ’ব পাৰে । সেয়ে এই নাবালকক বিমানত উঠিবলৈ দিয়া নহয় । ঘটনাটোৰ খবৰ লাভৰ পাছতেই ডিজিচিএ-ৰ কোপত পৰে ইণ্ডিগ’ ।

ঘটনাচক্রে, ইয়াৰ পাছতেই প্রতিবন্ধী আৰু বিশেষভাৱে সক্ষম যাত্রীসকলৰ সেৱাত নিজকে আৰু উন্নত কৰাৰ দিশত জোৰ দিছে ৰণজয়ে । কিছু আত্মসমীক্ষাৰ চলতেই ৰণজয়ে কয়, ‘‘এই ঘটনাক আমি এটা কেছ ষ্টাডি হিচাপে পৰ্যবেক্ষণ কৰিম । এনে ধৰণৰ পৰিস্থিতিত আৰু কি কৰিব পৰা গ’ল হয়, সেয়াও বোজাৰ চেষ্টা কৰা হ’ব । ভৱিষ্যতে এই ধৰণৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিমানবন্দৰতেই এজন চিকিৎসকৰ পৰামর্শ লোৱা হ’ব । এই বিষয়টো আমাৰ কর্মচাৰীসকলৰ আদর্শ আচৰণবিধিতো অন্তৰ্ভুক্ত কৰা হৈছে ।’’

এই ধৰণৰ ঘটনাৰ পৰা শিক্ষা লৈ পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিবলৈ বিমান কর্মচাৰীসকলক প্ৰশিক্ষণো দিয়া হ’ব বুলি জনাইছে ইণ্ডিগ’ৱে ।

Exit mobile version