Israel-UAE : ঐতিহাসিক বাণিজ্য চুক্তি ইজৰায়েল-আমিৰশ্বাহিৰ

1654045423 israel

প্রথম আৰৱ দেশ হিচাপে সংযুক্ত আৰৱ আমিৰশ্বাহিৰ স’তে মুক্ত বাণিজ্য চুক্তি কৰিলে ইজৰায়েলে । বিগত কে’বা মাহৰ আলোচনাৰ পাছত আজি ডুবাইত চুক্তি স্বাক্ষৰ কৰে ইজৰায়েলৰ বিত্তমন্ত্রী আৰু উদ্যোগ মন্ত্রী উর্না বাৰবিভাই আৰু সংযুক্ত আৰৱ আমিৰশ্বাহিৰ বিত্তমন্ত্রী আব্দুল্লা বিন তৌক আল-মাৰিয়ে ।

কিছু দিন পূৰ্বে পেলেস্তাইনৰ মহিলা সাংবাদিকৰ মৃত্যুৰ ঘটনাত ইজৰায়েলৰ বিৰুদ্ধে সৰৱ হৈছিল সমস্ত আৰৱ দেশ । এই বাণিজ্যিক চুক্তি সেই ক্ষোভৰ ক্ষতত মলম লগাব নে আৰৱ দুনিয়াৰ ক্ষোভ আৰু বঢ়াই দিব, সেই দিশতেই দৃষ্টি কূটনৈতিক মহলৰ । আজি চুক্তি সম্পাদনৰ পাছতেই সংযুক্ত আৰৱে আমিৰশ্বাহিত ইজৰায়েলৰ দূত আমিৰ হায়েকে টুইট কৰে ‘চুক্তি সম্পন্ন’ ।

তাৰ কিছু ঘণ্টা পূৰ্বে তেওঁ টুইট কৰি জনায়, কিছু ঘণ্টাৰ ভিতৰতেই বাণিজ্য চুক্তি স্বাক্ষৰ কৰিব দুই দেশে । ডুবাইত চুক্তি স্বাক্ষৰৰ পাছত দুই দেশৰ বিষয়াসকলৰ স’তে তোলা ছবিও টুইট কৰে হায়েকে । আনহাতে, আমিৰশ্বাহিৰ দূত মহম্মদ আল খাজাই এই চুক্তিক অভূতপূর্ব কীর্তি বুলি উল্লেখ কৰিছে । খাজাই টুইট কৰি জনাইছে, এই বাণিজ্য চুক্তিৰ ফলত উপকৃত হ’ব দুই দেশেই । দুই দেশে সমানে বজাৰত ব্যৱসায় কৰাৰ সুযোগ পাব । কর্মসংস্থানো বাঢ়িব । পাৰস্পৰিক সহযোগিতাও বাঢ়িব ।

বাণিজ্যিক মহলে ধাৰণা কৰিছে, এই চুক্তিৰ ফলত চলিত বছৰৰ শেষৰ ফালে সহস্ৰাধিক ইজৰায়েলি সংস্থাই আমিৰশ্বাহিত কাম কৰিব । লগতে এই অঞ্চল ব্যৱহাৰ কৰি দক্ষিণ এছিয়া, পূৱ আৰু উপসাগৰীয় অঞ্চলতো বাণিজ্য বিস্তাৰ কৰিবলৈ সমর্থ হ’ব ।

চুক্তি সম্পাদনৰ আগতে ইজৰায়েলৰ বিত্তমন্ত্রীয়ে জনায়, ৯৬ শতাংশ পণ্য (খাদ্য, কৃষি, ঔষধ) কৰমুক্ত হ’ব । সংযুক্ত আৰৱ আমিৰশ্বাহিৰ তৰফৰ পৰা অনুমান কৰা হৈছে আগন্তুক পাঁচ বছৰৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য‌ই হেজাৰ কোটি ডলাৰ অতিক্ৰম কৰিব । লগতে দুই দেশৰ মাজত শান্তি, সমৃদ্ধিও বাঢ়িব ।

Exit mobile version