Kashmiri Pandits : কাশ্মীৰি পণ্ডিতসকলক শিবিৰতে ‘বন্দী’ কৰিলে আৰক্ষীয়ে

9jgvt3v4 kp protest

সন্ত্ৰাসবাদীৰ লক্ষ্যত অহাৰ পাছত সম্প্ৰতি জম্মু-কাশ্মীৰৰ শিবিৰতেই (ট্রেনজিট কেম্প) বন্দী থাকিবলগীয়া হৈছে প্রায় চাৰি হেজাৰ কাশ্মীৰি পণ্ডিতে । ওলোৱাৰ অনুমতি নাই । মঙলবাৰে প্রধানমন্ত্রীৰ বিশেষ প্রকল্পৰ অধীনত প্রায় চাৰি হেজাৰ কাশ্মীৰি পণ্ডিতক ২৪ ঘণ্টাৰ ভিতৰত নিৰাপদ স্থানত স্থানান্তৰ নকৰিলে উপত্যকা ত্যাগ কৰি অন্য স্থানত যোৱাৰ হুমকি দিছিল ।

মঙলবাৰে জম্মুৰ এগৰাকী শিক্ষয়িত্ৰীক ৰজনীবালাকৰ কুলগামত বিদ্যালয়ৰ বাহিৰত গুলি কৰি হত্যা কৰে সন্ত্ৰাসবাদীয়ে । তাৰ পাছতেই এই সকীয়নি দিয়ে কাশ্মীৰি পণ্ডিতসকলে । তাৰেই ফলশ্রুতি, কঠোৰ নিৰাপত্তাৰ আৱৰি পেলোৱা হৈছে ট্রেনজিট কেম্প । প্রসংগত, যোৱা মাহতেই ৰাহুল ভট্ট নামে এজন কাশ্মীৰি পণ্ডিতকো একেদৰে কাৰ্যালয়ৰ ভিতৰতে গুলি কৰি হত্যা কৰা হয় ।

বুধবাৰে পুৱাৰ পৰাই উপত্যকাত কাশ্মীৰি পণ্ডিতসকলৰ শিবিৰবোৰ ছিল কৰি দিয়া হয়‌ । শ্রীনগৰৰ চহৰাঞ্চলৰ ইন্দ্রনগৰ কেম্পত পুৱাৰ পৰাই কাটাতাঁৰেৰে আৱৰি পেলোৱা হৈছে । কেম্পত বসবাসকাৰী কাশ্মীৰি পণ্ডিতসকলক বাহিৰত যোৱাৰ অনুমতি নাই । ভেছু পণ্ডিত কলনিতো একেই পৰিস্থিতি । কিন্তু এই কঠোৰ ব্যৱস্থাক ভাল ভাৱে লোৱা নাই কেম্পত বসবাসকাৰী পণ্ডিতসকলে । তেওঁলোকে ভেছু কলনিত বিক্ষোভো প্ৰদৰ্শন কৰে আৰু পুনর্বাসনৰ দাবী জনায় ।

এজন বিক্ষোভকাৰীয়ে কয়, ‘‘আমাক নিৰাপদ স্থানত পুনর্বাসন দিয়ক । আমি প্রতিনিধিসকলে লেফটেনেন্ট গভর্নৰ মনোজ সিন্‌হাৰ স’তে দেখা কৰি আমাক বচোৱাৰ আবেদন জনাইছিলো । যেতিয়ালৈকে উপত্যকাৰ পৰিস্থিতি স্বাভাৱিক নহয়, তেতিয়ালৈকে আমাক নিৰাপদ স্থানত থাকিবলৈ দিয়ক ।’’

অৱশ্যে এয়ে প্রথম নহয়, অক্টোবৰত পাঁচ দিনৰ ব্যৱধানত সাতজন সাধাৰণ মানুহক হত্যা কৰা হয় । মৃতসকলৰ ভিতৰত আছিল দুজন প্রবাসী হিন্দু, এজন কাশ্মীৰি পণ্ডিত আৰু এজন শিখ সম্প্ৰদায়ৰ । তাৰ পাছৰ পৰাই উপত্যকা ত্যাগ কৰি পুনৰ কাশ্মীৰি পণ্ডিতসকলৰ গণপলায়ন আৰম্ভ হয় । তেওঁলোকক বাধা দিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয় যদিও সফল নহয় ।

বুধবাৰে পুৱাৰ পৰা নতুনকৈ উপত্যকা ত্যাগ কৰাৰ ঢল ৰোধ কৰিবলৈয়ে কঠোৰ ব্যৱস্থা কৰা হৈছে নেকি ? বিক্ষোভকাৰীসকলৰ অভিযোগ, চৰকাৰে তেওঁলোকৰ মৃত্যু নিশ্চিত কৰিবলৈ ইয়াত পেলাই থৈছে ।

Exit mobile version