Taiwan : টাইৱানৰ আকাশত পুনৰ চীনা যুদ্ধবিমান

সংখ্যাত প্ৰায় ৩০খন । ইয়াৰে ২০খনেই যুদ্ধবিমান । এই বিশাল বিমান বাহিনী লৈ সোমবাৰে টাইৱানৰ আকাশত পুনৰ আক্ৰমণ কৰিলে চীনৰ বায়ুসেনাই ।

চলিত বৰ্ষৰ ২৩ জানুৱাৰীত টাইৱানৰ আকাশ প্রতিৰক্ষা সীমান্তত এই ৩৯খন যুদ্ধবিমানেৰে আক্ৰমণ চলাইছিল চীনে । তাৰ পাছতেই কালিৰ বিমানবাহিনী । টাইৱানৰ প্রতিৰক্ষামন্ত্রীয়ে জনাইছে, চীনা গতিবিধিৰ ওপৰত দৃষ্টি ৰাখিবলৈ ইতিমধ্যে তেওঁলোকৰ বায়ুসেনা বাহিনকে নির্দেশ দিয়া হৈছে । প্রতিৰক্ষামূলক ক্ষেপণাস্ত্র ব্যৱস্থা প্রস্তুত ৰখাৰো নির্দেশ দিয়া হৈছে ।

স্বায়ত্তশাসিত টাইৱানৰ ওপৰত চীনৰ দৃষ্টি বহু দিনৰ । ইয়াৰ আগতে, প্রয়োজনত বলপূর্বক টাইৱান দখলৰ সকীয়নি দিছিল চীনে । অৱশ্যে চাপৰ মুখত নতি স্বীকাৰ কৰা নাই টাইপেইয়ে । আমেৰিকায়ো টাইৱানক সহযোগ কৰি সকীয়নি দিছিল, চীনা আগ্রাসনৰ বিৰুদ্ধে তেওঁলোকে সর্বশক্তিৰে টাইৱানক সহযোগ কৰিব । যদিও সেই সকীয়নিত বেইজিঙে যে সিদ্ধান্ত সলনি কৰা নাই, সেয়া কালিৰ চীনা অভিযানত এক প্ৰকাৰে স্পষ্ট হৈছে ।

Exit mobile version