অযোধ্যা-মথুৰাত মন্দিৰৰ ১০ কিলোমিটাৰৰ ভিতৰত থাকিব নোৱাৰিব সুৰাৰ দোকান, ঘোষণা যোগী চৰকাৰৰ

253818 uttar pradesh chief minister yogi adityanath

মন্দিৰৰ কাষত থাকিব নোৱাৰিব সুৰাৰ দোকান, নির্দেশ দিলে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে (Yogi Adityanath) । অযোধ্যা আৰু মথুৰাৰ মন্দিৰ সংলগ্ন অঞ্চলত এই নির্দেশ জাৰি কৰা হৈছে । কালিৰ পৰাই কার্যকৰ কৰা হৈছে এই নির্দেশনা । এই অঞ্চলৰ সমস্ত সুৰাৰ দোকানৰ লাইছেন্স বাতিল কৰিছে উত্তৰ প্রদেশ চৰকাৰে । তাৰ পৰিৱৰ্তে মথুৰাত গাখীৰৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ কৈছে যোগীয়ে ।

অযোধ্যাত ৰাম মন্দিৰ (Ayodhya Ram Temple) সংলগ্ন অঞ্চলত বন্ধ কৰা হৈছে সুৰাৰ ব্যৱসায় । মূলত সাধুসকলৰ দাবীতেই এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে । টে’বাদিনো ধৰি মন্দিৰ অঞ্চলত মাংস বিক্রী বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল সাধুসকলৰ একাংশ‌ই । লগতে সুৰাৰ দোকানবোৰো বন্ধ হ‌ওক বুলি দাবী কৰা হৈছিল ।

সেই দাবী মানিয়ে চৰকাৰৰ তৰফৰ পৰা নির্দেশ দিয়া হয়, মন্দিৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত কোনো নিচাজাতীয় দ্রব্য বিক্রী কৰিব নোৱাৰিব । প্রসংগত, ২০২১ৰ ছেপ্টেম্বৰত মথুৰা-বৃন্দাৱন অঞ্চলক ‘পৱিত্র তীর্থস্থান’ বুলি ঘোষণা কৰে উত্তৰ প্রদেশ চৰকাৰে । তাৰপাছতেই এই অঞ্চলত মাংস আৰু মদ বিক্রীত নিষেধাজ্ঞা আৰোপ কৰা হয় ।

মথুৰা (Mathura) জিলাৰ আবকাৰী দপ্তৰৰ প্রধান প্রভাত চন্দ্র‌ই জনাইছে, ইতিমধ্যে বেশ কে’বাটাও দোকান (Liquor Shop) বন্ধ কৰা হৈছে । অৱশ্যে চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৰাজহ আদায়ত নাটনি হ’ব বুলি তেওঁ জনাইছে । বার্ষিক প্রায় ৪০ কোটি টকা ৰাজহ কমিব বুলি কয় প্রভাতে ।

মথুৰাত মন্দিত অঞ্চলৰ এজন বিয়াথ ব্যৱসায়ীয়ে কয়, বিগত মে’ত নতুন দোকানৰ বাবে লাইছেন্স লৈছিল তেওঁ । কিন্তু সেই সময়ত তেওঁক জনোৱা হোৱা নাছিল যে এমাহৰ ভিতৰত দোকানৰ লাইছেন্স বাতিল কৰি দিয়া হ’ব পাৰে । আন এজন ব্যৱসায়ীয়েও কয়, এপ্রিলত লাইছেন্স নৱীকৰণ কৰিছিল তেওঁ । কিন্তু তেঁৱো অৱগত নাছিল যে লাইছেন্স বাতিল হ’ব পাৰে । সম্প্ৰতি তেওঁলোকৰ দোকানত মজুত কৰা সামগ্ৰী নিয়ে কি কৰিব, তাক লৈ চিন্তিত তেওঁলোক ।

এই ধৰণৰ সমস্যাৰ প্রসংগত প্রভাতে জনা‌য়, “লাইছেন্সৰ মাছুলৰ বাবদ যি টকা লোৱা হৈছে সেয়া উভতাই দিবলৈ কোৱা হ’ব । মৌখিকভাৱে সকলো ব্যৱসায়ীকে জনোৱা হৈছিল অধিক পৰিমাণে মজুত নকৰিবলৈ । কাৰণ যিকোনো সময়ত চৰকাৰৰ নির্দেশ আহিব পাৰে । যি দোকানত সুৰা পোৱা যাব সেই দোকান ছিল কৰি দিয়া হ’ব ।”

প্রসংগত, মার্চত লটাৰী কৰি সুৰাৰ দোকানৰ মালিকানা দিয়া হৈছিল আগ্রহী ব্যৱসায়ীসকলক । সেই সমস্ত দোকানো বন্ধ কৰি দিয়া হ’ব বুলি জনাইছে উত্তৰ প্রদেশ চৰকাৰে ।

Exit mobile version